নিউজ ডেস্কঃ উচচতৰ মাধ্যমিক বাণিজ্য শাখাৰ পাঠ্যক্রমৰ সাল-সলনি ঘটোৱা হৈছে৷ অসম উচচতৰ মাধ্যমিক শিক্ষা সংসদে আজি জনোৱা অনুসৰি বেংকিং পাঠ্যক্রম নতুনকৈ ফাইনেন্স হিচাপে নামকৰণ কৰা হৈছে৷ সেইদৰে ‘কমার্চিয়েল মেথমেটিকছ এণ্ড ষ্টেটিষ্টিকছ’ পাঠ্যক্রম নামকৰণ কৰা হৈছে বিজনেছ মেথমেটিকছ এণ্ড ষ্টেটিষ্টিকছ হিচাপে৷
এতিয়াৰ পৰা বিজনেছ ষ্টাডিজ আৰু একাউণ্টেন্সিৈ মুখ্য বিষয় হিচাপে গণ্য কৰা নহ’ব৷ অৱশ্যে ছাত্র-ছাত্রীয়ে দুয়োটা পাঠ্যক্রম অধ্যয়ন কৰিব লাগিব৷ এই দুয়োটা বিষয়ত ছাত্র-ছাত্রীয়ে উত্তীর্ণৰ নম্বৰ পালেও হ’ব৷ নতুন নিয়ম অনুসৰি মুখ্য বিষয়ৰ লগত তিনিটা ঐচিছক বিষয় থাকিব৷ উল্লেখযোগ্য যে ২০২০-২১ শৈক্ষিক বর্ষৰ পৰা উচচতৰ মাধ্যমিকৰ প্রথম বর্ষত এই নিয়ম প্রযোজ্য হ’ব বুলি শিক্ষা সংসদে জনাইছে৷