উচ্চতৰ মাধ্যমিকৰ পাঠ্যপুথিৰ সংশোধন আৰু সংস্কাৰ সাধন কৰিব অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে ।
২০২১-২২ বৰ্ষৰ পৰা আৰম্ভ কৰা হ’ব সংশোধিত পাঠ্যক্ৰম ।
শিক্ষা সংসদৰ অধ্যক্ষ ডঃ দয়ানন্দ বৰগোহাঁইৰ অধ্যক্ষতাত এক উচ্চস্তৰীয় বৈঠকত গ্ৰহণ কৰা হয় এই সিদ্ধান্ত ।
শিক্ষা সংসদৰ সচিব ডঃ ৰমেশ চন্দ্ৰ চুতীয়াই কয় যে পূৰ্বৰ আক্ষৰিক অনুবাদত যি অস্পষ্টতা আৰু বানান আদিৰ ভুল ৰৈ গৈছিল সেই সন্দৰ্ভত উঠা অভিযোগৰ ভিত্তিত পাঠ্যপুথিসমূহত সংস্কাৰ অনাৰ বাবে শিক্ষা সংসদে এই পদক্ষেপ গ্ৰহণ কৰিছে ।
স্থানীয় বিষয় আৰু জাতীয় সংস্কৃতিক অগ্ৰধিকাৰ দি প্ৰস্তুত কৰিব পাঠ্যক্ৰম ।
পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব বিহু ।
দ্বিতীয় বৰ্ষৰ পাঠ্যক্ৰমত বিহুৰ থিয়ৰী আৰু ব্য়ৱহাৰিক শিক্ষাৰ ব্যৱস্থা থাকিব ।
গুৱাহাটী বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয় আৰু অসম বিশ্ববিদ্যালয়ৰ পণ্ডিতসকলৰ পৰা বিষয় ভিত্তিত পৰামৰ্শ গ্ৰহণ কৰিব ।
২০২১-২২ বৰ্ষৰ পৰা উচ্চতৰ মাধ্যমিকত নাথাকিব বিকল্প ইংৰাজী বিষয় ।
একেদৰে আধুনিক ভাৰতীয় ভাষাৰ পাঠ্যপুথিত সমতা অনাৰ বাবে প্ৰচেষ্টা চলোৱা হ’ব ।
তদুপৰি মাতৃভাষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ দক্ষতা বৃদ্ধিৰ বাবে উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰা হ’ব ডি টি পি, টাইপ ৰাইটিং ।
উল্লেখ্য, ৰাজ্যত বৃত্তিমূলক প্ৰশিক্ষণ আৰু স্ব-নিয়োজন সৃষ্টিৰ ক্ষেত্ৰত এক সুদূৰপ্ৰসাৰী সিদ্ধান্ত লোৱা হয় বৈঠকত ।
সেই অনুসৰি নেচনেল স্কীল কোৱালিফিকেচন ফ্ৰেমৱৰ্কৰ আধাৰত বৃত্তিমূলক পাঠ্যক্ৰমসমূহৰ শীঘ্ৰে উন্নীতকৰণ কৰা হ’ব ।