নিউজ ডেস্কঃ মৌলানা বদৰুদ্দিন আজমল৷ নামেই যাৰ পৰিচয়৷ অসম তথা ৰাষ্ট্ৰীয় ৰাজনীতিত কেৱল নামটোৰেই দপদপাই থকা বদৰুদ্দিন আজমল আজি এজন কিংমেকাৰ৷ অসমৰ ৰাজনীতিত তেওঁৰ উপস্থিতিক কোনেও নুই কৰিব নোৱাৰে৷
২০০৫ চনৰ আগলৈকে কেৱল এজন প্ৰতিষ্ঠিত ব্যৱসায়ী হিচাপে পৰিচিত বদৰুদ্দিন আজমলে ২০০৫ চনৰ ৩ অক্টোবৰত প্ৰতিষ্ঠা কৰিছিল আছাম ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট চমুকৈ এইউডিএফ৷
সংখ্যালঘূ মূলৰ এই নেতাজনক সেইসময়ত কোনেও বিশেষ গুৰুত্ব প্ৰদান কৰা নাছিল৷ ৰাজনীতিৰ অভিজ্ঞতা আছিল তেওঁৰ শূন্য৷ মোল্লাৰ দৌৰ মছজিদ পৰ্যন্তহে বুলি উপেক্ষিত হৈছিল এই গৰাকী নেতা৷
২০০৬ চন৷ অসম বিধানসভাৰ দ্বাদশ সাধাৰণ নিৰ্বাচন৷ সমগ্ৰ অসমত ১০টা সমষ্টিত আসন লাভ কৰি এক প্ৰকাৰ চমক সৃষ্টি কৰিলে আজমলবাহিনীয়ে৷ পৰ্যায়ক্ৰমে অসমত জনসাধাৰণৰ মাজত বদৰুদ্দিন আজমলৰ গুৰুত্ব বৃদ্ধি হ’বলৈ ধৰিলে৷ বহুকেইটা ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলৰ সৈতে মিত্ৰতাৰ আলোচনাও অনুষ্ঠিত হ’ল৷ ৰাজনৈতিক বিশ্লেষকে তেওঁক কিংমেকাৰৰ আখ্যা দিবলৈ ধৰিলে৷
২০০৯ চন৷ বদৰুদ্দিন আজমলৰ ৰাজনৈতিক দলটোৰ বাবে আন এক উল্লেখযোগ্য বৰ্ষ৷ ৰাষ্ট্ৰীয় ৰাজনীতিত বদৰুদ্দিন আজমলৰ প্ৰৱেশ৷ এই বৰ্ষতেই তেওঁ দলৰ নাম অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট চমুকৈ এআইইউডিএফলৈ পৰিৱৰ্তিত কৰি সৰ্বভাৰতীয় ৰাজনীতিত ভৰি থয়৷ ২০০৯ চনৰ লোকসভা নিৰ্বাচনত এখন আসন জয় কৰি তেওঁ ৰাষ্ট্ৰীয় ৰাজনীতিত নিজৰ দলৰ নাম সন্নিৱিষ্ট কৰে৷
ইয়াৰ পিছত থমকি ৰ’বলগীয়া হোৱা নাই বদৰুদ্দিন আজমল৷ যেতিয়াই অসমৰ ৰাজনীতিত তোলপাৰ লাগিছে তেতিয়াই সঘনে উচ্চাৰিত হৈছে বদৰুদ্দিন আজমলৰ নাম৷
হু ইজ বদৰুদ্দিন বুলি হুংকাৰ দিয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈও আনকি আজমলৰ ওচৰত সেও মানিবলগীয়া হৈছে৷ মহা প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও আজমলৰ গুৰুত্ব অনুধাৱন কৰিছে আৰু তেওঁৰ বিৰুদ্ধে ভিন্ন ৰণনীতি প্ৰস্তুত কৰিছে৷
সদ্য সমাপ্ত আইপিএলত মুম্বাই ইণ্ডিয়ানছক স্পনছ’ৰ কৰি সংবাদ মাধ্যমৰ শিৰোনামলৈ অহা আজমলৰ সম্পত্তিৰ তালিকাও দেধাৰ৷ কেইবাটাও ন্যাসৰ অধ্যক্ষ বদৰুদ্দিন আজমলৰ নামত আছে আশী কোটিৰো অধিক টকাৰ সম্পত্তি৷ আগৰৰ ব্যৱসায়েৰে তেওঁ বিদেশতো নিজৰ ব্যৱসায় সম্প্ৰসাৰিত কৰিবলৈ সক্ষম হৈছে৷
২০২১ চনৰ আগন্তুক অসম বিধানসভা নিৰ্বাচনলৈ আটাইকেইটা ৰাজনৈতিক দলে টঙালি বন্ধাৰ মুহূৰ্ততে কংগ্ৰেছ আগবাঢ়ি আহিছে এআইইউডিএফৰ সৈতে মিত্ৰতা কৰিবলৈ৷ সদ্যহতে মিত্ৰতাৰ এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই যদিও শাসকীয় দলকে ধৰি আনবোৰ বিৰোধী দলৰ বাবে এই মহাজোঁট মূৰৰ কামোৰণি হৈ পৰা পৰিলক্ষিত হৈছে৷
ব্যৱসায়ী বদৰুদ্দিন আজমলে আগন্তুক নিৰ্বাচনত যে পুনৰ কিংমেকাৰৰ ভূমিকা গ্ৰহণ কৰিব সেয়া ধুৰূপ হৈ পৰিছে৷ থিয়’লজী আৰু আৰবিকত স্নাতকোত্তৰ ডিগ্ৰীধাৰী ৭০ বৰ্ষীয় এই নেতাজনে ইতিমধ্যেই তেওঁৰ ব্যৱসায় তথা সামাজিক কামেৰে সাধাৰণ জনতাৰ মন জয় কৰি থৈছে৷ ইয়াৰ সুযোগ লৈয়েই নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ যোঁজা কৰিছে কংগ্ৰেছে৷
২০২১ চনৰ নিৰ্বাচনত জয়ী হ’লেও মুখ্যমন্ত্ৰী নহও বুলি ঘোষণা কৰা বদৰুদ্দিন আজমলে কেনেদৰে তেওঁৰ ৰাজনৈতিক খোপনি পুতি ৰাখিব পাৰিব, সেয়া হ’ব লক্ষণীয়৷ সময়ে ক’ব যে আজমলৰ তথাকঠিত সাম্প্ৰদায়িক ৰাজনীতিয়ে অসমৰ সাম্প্ৰতিক প্ৰেক্ষাপটৰ বালিঘড়ীত কি চিহ্ন এৰি যায়৷