উচ্চতম ন্যায়ালয়ে পুনৰ নাকচ কৰিলে অখিল গগৈৰ জামিন আৱেদন ।
বৃহস্পতিবাৰে পুৱা উচ্চতম ন্যায়ালয়ত খাৰিজ কৰা হ’ল কৃষক নেতাগৰাকীৰ জামিন আৱেদন।
গুৱাহাটী উচ্চ ন্যায়ালয়ক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে আৱেদন কৰিছিল উচ্চতম ন্যায়ালয়ত।
এন ভি ৰমণ, সূৰ্যকান্ত আৰু অনিৰুদ্ধ বসুৰ তিনিজনীয়া বিচাৰপীঠে নাকচ কৰিলে অখিল গগৈৰ জামিন আৱেদন ।
অখিল গগৈৰ বিৰুদ্ধে থকা গোচৰসমূহৰ বাবেই এই পৰ্যায়ত জামিন মঞ্জুৰ কৰিব নোৱাৰে বুলি উল্লেখ কৰে উচ্চতম ন্যায়ালয়ে ।
উল্লেখ্য,২০১৯ চনৰ ডিচেম্বৰৰ পৰা কাৰাবন্দী হৈ আছে কৃষক নেতা অখিল গগৈ ।
অসমত কা আন্দোলনত জড়িত থকাৰ বাবে আটক কৰা হৈছিল কৃষক নেতাগৰাকীক ।