বৰ্তমানেও কাৰাগাৰত বন্দীত্বৰ জীৱন কটাইছে অখিল গগৈয়ে ৷
‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ হৈছিল কৃষক নেতাগৰাকী ৷
এবছৰতকৈ অধিক সময় পুত্ৰৰ মুখ নেদেখা মাতৃ প্ৰিয়দা গগৈয়ে নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত কি ক’লে ?
“মৰিয়নী ৰাইজসকল নিজৰ ল’ৰাৰ দৰে মোৰ পুত্ৰক মৰম কৰিব ৷”- এই বুলি অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে ৰাইজক আহ্বান জনালে ৷
উল্লেখযোগ্য যে, ২০১৯ বৰ্ষৰ ডিচেম্বৰৰ পৰা কাৰাৰুদ্ধ হৈ আছে অখিল গগৈ ৷
কিন্তু কাৰৰুদ্ধ হৈও ৰাইজৰ হকে নিৰ্বাচনী যুঁজ আগবঢ়াব কৃষক নেতাগৰাকীয়ে ৷
কাৰাগাৰৰ পৰাই ‘ৰাইজৰ দল’ক সবল নেতৃত্ব প্ৰদান কৰি আহিছে অখিল গগৈয়ে ৷
আগন্তুক বিধানসভা নিৰ্বাচনত গৃহ সমষ্টি মৰিয়নীৰ পৰা ৰাইজৰ দলৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব অখিল গগৈয়ে ৷
পুত্ৰৰ আগমনে সমষ্টিটোত নিৰ্বাচনী দৃশ্যপট সলনি কৰিব বুলিও আশাবাদী মাতৃ প্ৰিয়দা গগৈ ৷