নিউজ ডেস্কঃ অখিল গগৈক ’কা’ আন্দোলনত নেতৃত্ব দিয়াৰ বাবে গ্ৰেপ্তাৰ কৰা হোৱা নাছিল ৷
মাওবাদীৰ সৈতে জড়িত থকাৰ অপৰাধত তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা বুলি শুকুৰবাৰে মন্তব্য কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷
উল্লেখ্য, অসমত বিগত বছৰ কা-বাতিলৰ দাবীত চলোৱা সংগ্রামৰ নামত গুৱাহাটীকে ধৰি বিভিন্ন ঠাইত ৰাজহুৱা সম্পত্তিৰ ওপৰত ধবংসলীলা চলিছিল ৷
কা- বিৰোধিতাৰ নামত হিংসাত্মক ঘটনা সংঘটিত হোৱাৰ আলম লৈ কৃষক নেতাগৰাকীক বিভিন্ন গোচৰত কাৰাগাৰত আৱদ্ধ কৰি ৰখা হৈছে বুলি সর্বসাধাৰণ লোকৰ মনত যি ধাৰণা হৈছিল সেয়া ৰাইজৰ ভুল ধাৰণা ৷
অখিল গগৈক দুটা গোচৰত এন আই এয়ে মাওবাদীৰ সৈতে জড়িত থকা বুলিও উল্লেখ কৰিছে। যাৰ বাবে নেতাগৰাকী এতিয়াও কাৰাৰুদ্ধ হৈ আছে বুলি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷