কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ অসুস্থ ।
মঙলবাৰৰ পুৱাৰ পৰা গুৰুতৰভাৱে অসুস্থ প্ৰিয়দা গগৈ ।
বমি,মূৰঘুৰণী আৰু জ্বৰত আক্ৰান্ত হৈছে অখিল গগৈৰ মাতৃ ।
সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় প্ৰিয়দা গগৈক ।
হাস্পতালৰ বিচনাত বাৰে বাৰে পুত্ৰক বিচাৰি উচুপি উঠিছে ৰুগীয়া মাতৃগৰাকী ।
‘মই বাচি নাথাকিম, তাৰ মুখখন শেষবাৰৰ বাবে চাবলৈ মন গৈছে’ – এই কাতৰ আহ্বান অখিল গগৈৰ মাতৃৰ ।
উল্লেখ্য, ২০১৯ ৰ ডিচেম্বৰ মাহৰ পৰা কাৰাবন্দী হৈ আছে অখিল গগৈ ।