নিউজ ডেস্কঃ এমাহ ধৰি কুইপ’ৰ দুই বিষয়া আলফাৰ হাতত বন্দী হৈ আছে ৷
অপহৃত দুই বিষয়াৰ মুক্তিৰ বাবে কোম্পানীটোয়ে কোনো পন্থা হাতত লোৱা দেখা পোৱা নাই ৷
যাৰ বাবে আলফা স্বাধীনে এক বিবৃত্তি যোগে পুনৰ কোম্পানীটোক জনাই যে দুই বিষয়াৰ মুক্তিৰ কোনো ব্যৱস্থা হাতত নল’লে কুইপ’ৰ বিষয়া ৰাম কুমাৰৰ জীৱনলৈ আহিব পাৰে ভাবুকি।
উল্লেখযোগ্য যে আলফা স্বাধীনে দুই বিষয়াৰ মুক্তিৰ দাবীত আলফাই বৃহৎ পৰিমাণৰ মুক্তিপণ বিচাৰিছে ৷
উল্লেখ্য, যদি কোম্পানীটোৱে চলিত বৰ্ষৰ ১৬ ফেব্ৰুৱাৰীত ভিতৰত কোনো যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে ১৭ ফেব্ৰুৱাৰীত তেওঁলোকৰ ভাৰতীয় কৰ্মচাৰী ৰাম কুমাৰৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷
আৰু এই সময়ৰ ম্যাদ কোনো কাৰণতে বৃদ্ধি কৰা নহ’ব ৷
আনহাতে ১৭ ফেব্ৰুৱাৰীৰ পিছত কুইপ’ক অসম তথা সমগ্ৰ পশ্চিম দক্ষিণ আৰু পূব এছিয়াত নিষিদ্ধ ঘোষণা কৰা হ’ব ৷