মূল্যবৃদ্ধিৰ প্ৰতিবাদত দীঘলী পুখুৰীৰ পাৰত আছুৰ বিক্ষোভ কাৰ্যসূচী ৷
পে’ট্ৰলজাত সামগ্ৰী আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে শুকুৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সদৌ গুৱাহাটী ছাত্ৰ সন্থাই ৷
অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাত অসম চৰকাৰৰ বিফলতাত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আছু কৰ্মীসকলে ৷
আছুৰ সভাপতি দিপাংকৰ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই এক বিজ্ঞপ্তিৰ জৰিয়তে ঘোষণা কৰিছিল প্ৰতিবাদী কাৰ্যসূচী ৷
দিপাংকৰ কুমাৰ নাথে কয়, ‘মূল্যবৃদ্ধি ৰোধৰ ক্ষেত্ৰত ৰাজ্যৰ যোগান বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে ৷
এই মূল্যবৃদ্ধি ৰোধ কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনাই বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছে আছুৱে ৷
‘অসম চৰকাৰ হায় হায়’, ‘মূল্যবৃদ্ধি ৰোধ কৰক’ আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে বিক্ষোভ কাৰ্যসূচী ৷
photo:Indrajit Das