আহি আছে পৌৰসভা নিৰ্বাচন। বৃহস্পতিবাৰে বৰপেটাৰোডৰ এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে বিধায়ক জয়ন্ত মল্ল বৰুৱা আৰু বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সম্পাদিকা নিয়তি দে ৷ বৰপেটাৰোডৰ নিৰ্বাচনী প্ৰচাৰ সভাত উপস্থিত হৈ বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় বৰপেটাৰোডৰ প্ৰতিটো ৱাৰ্ডতেই বিজেপিৰ প্ৰাৰ্থী জয়ী নিশ্চিত আৰু বৰপেটাৰোডৰ পৌৰসভা বিজেপিয়ে গঠন কৰিবই ৷
লগতে, বিধায়ক জয়ন্ত মল্ল বৰুৱাই বিজেপিৰ প্ৰাৰ্থী নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়ী হলে বিজেপিতেই যোগদান কৰিব বুলি বিৰোধী পক্ষৰ লোকে চলোৱা প্ৰচাৰক অপপ্ৰচাৰ বুলি আখ্যা দিয়ে৷ আজিৰ তাৰিখত বিজেপি বহুত শক্তিশালী দল আৰু বিজেপিত বেলেগ দলৰ পৰা মানুহ লোৱাৰ প্ৰয়োজন নাই আৰু প্ৰয়োজনবোধ নকৰে বুলি উল্লেখ কৰে বিধায়ক গৰাকীয়ে৷
আনহাতে, নিৰ্বাচনী প্ৰচাৰ সভাত বিজেপিৰ মহিলা মৰ্চাৰ ৰাজ্যিক সম্পাদিকা নিয়তি দেই ৰাজ্যৰ এজনো বাঙালী হিন্দু বিদেশী নহয়, হিন্দু বাঙালীসকল শৰণাৰ্থীহে বুলি উত্থাপন কৰে। হিন্দু বাঙালীসকলক লৈ বহুত গণ্ডগোল হৈছে বহুত মানুহ মৰিছে তথাপি হিন্দু বাঙালী সকলৰ হৈ বিজেপিয়ে যুঁজিছে বুলিও মন্তব্য আগবঢ়াই নেত্ৰীগৰাকীয়ে। সম্পাদিকা গৰাকীয়ে উদ্দাত্ত ভাষণ প্ৰদান কৰি আৰু কয় যে, “পূৰ্বে যি সকল বাঙালী হিন্দুৱে ভোট দিছিল আৰু সেইসকল বাঙালী হিন্দুৰ নাম NRC আহা নাই সেইসকল হিন্দু বঙালীয়ে চিন্তা কৰিব নালাগে ৷ সকলো হিন্দু বাঙালীৰ নাম NRCত উঠিব আৰু ভোটাৰ তালিকাতো নাম উঠিব।”