অসমৰ বিকাশৰ ক্ষেত্ৰত ভাৰত-জাপানৰ সহযোগিতাই অন্যতম ভূমিকা পালন কৰিব পাৰেঃ ডঃ এছ জয়শংকৰ
উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে সহযোগিতা স্থাপন কৰিছে জাপান আৰু ভাৰতেঃ ছুজুকি
১৫ ফেব্ৰুৱাৰী ২০২১
সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে সংবাদ মাধ্যমৰ সৈতে ভাৱ বিনিময় কৰি কয় যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৰু যোগাযোগ ব্যৱস্থাৰ সৱলীকৰণৰ বাবে কেন্দ্ৰ চৰকাৰ প্ৰতিশ্ৰুতিৱদ্ধ তথা ৰাজ্যখনত বিনিয়োগৰ বাবে সুন্দৰ আন্তঃগাঁথনিৰো প্ৰয়োজন৷
দক্ষতা বিকাশ, ব্যৱসায় আৰু বিনিয়োগ বৃদ্ধিৰ বাবে ভাৰত আৰু জাপান চৰকাৰে সহযোগিতা বৃদ্ধি কৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে৷
ভাৰতস্থ জাপানৰ ৰাষ্ট্ৰদূত ছটোশ্বি ছুজুকিৰ অসম ভ্ৰমণৰ জৰিয়তে ভাৰত আৰু জাপানৰ সহযোগিতা, বিশেষকৈ অসমৰ বিকাশৰ প্ৰতিচ্ছবিখন প্ৰতিফলিত হৈছে৷
তেওঁ কয় যে দক্ষিণ পূব এছিয়াৰ সৈতে যোগাযোগ ব্যৱস্থাৰ প্ৰসাৰণৰ বাবে এক্ট ইষ্ট পলিচীক কেন্দ্ৰই ইয়াক অধিক উচ্চ পৰ্যায়লৈ নিছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে৷
ইয়াৰ ফলত বিভিন্ন যোগাযোগ প্ৰকল্প, অৰ্থনৈতিক সংবহন আৰু কূটনৈতিক সহযোগিতাও বৃদ্ধি হৈছে৷
বৰ্তমানৰ চৰকাৰখনে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ দিশত আগ্ৰহী বুলি উল্লেখ কৰি ডঃ জয়শংকৰে কয় যে ত্ৰিপাক্ষিক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পই বৰ্তমান অগ্ৰগতি লাভ কৰিছে৷
মন্ত্ৰীগৰাকীয়ে কয় যে শক্তি, পৰিবহণ খণ্ডৰ ক্ষেত্ৰত অসমে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে৷
তাৰোপৰি শোধিত পেট্ৰ’লিয়াম সামগ্ৰী উৎপাদনৰ ক্ষেত্ৰতো অসমে প্ৰধান ভূমিকা পালন কৰিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷
এই পৰিপ্ৰেক্ষিতত বাংলাদেশলৈ ডিজেল যোগানৰ বাবে পাইপলাইনৰ কাম চলি আছে বুলি তেওঁ কয়৷
অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিকাশৰ বাবে জাপান আৰু ভাৰতে সহযোগিতা স্থাপন কৰিছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে জাপানৰ ৰাষ্ট্ৰদূত ছটোশ্বি ছুজুকীয়ে৷
ভাৰতক ৫ ত্ৰিলিয়নৰ অৰ্থনীতিলৈ ৰূপান্তৰণৰ ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ বিকাশ আৱশ্যম্ভাৱী বুলি মন্তব্য কৰে ৰাষ্ট্ৰদূতগৰাকীয়ে৷
ইয়াৰ বাবে অসমত বিভিন্ন যোগাযোগ বিকাশৰ প্ৰকল্পৰ কামত জাপানে সহযোগিতা আগবঢ়াইছে বুলি তেওঁ কয়৷
এই পৰিপ্ৰেক্ষিতত ধুবুৰীৰ পৰা ফুলবাৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত ২০ কিলোমিটাৰ দৈৰ্ঘৰ এখন দলং নিৰ্মাণ কৰা হ’ব যিখন ভাৰতৰ ভিতৰকে সৰ্বাধিক দৈৰ্ঘৰ দলং হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷
সভাখনত উপস্থিত থাকি অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালে কয় যে অসমত বিনিয়োগৰ বিভিন্ন সম্ভাৱনা আছে৷
চৰকাৰে অসমৰ নগৰবেৰাত ৬০০ একৰ ভূমিত জাপানীজ ঔদ্যোগিক টাউনশ্বিপ স্থাপনৰ বাবে প্ৰস্তাৱনা আগবঢ়াইছে যাৰ দ্বাৰা ৰাজ্যখনৰ সৰ্বাংগীন ঔদ্যোগিক বিকাশ হোৱাৰ উপৰিও দুয়োখন দেশৰ মাজত ব্যৱসায়িক সম্পৰ্কও বৃদ্ধি হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷
আজিৰ সভাখনত অসমৰ বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে আৰু এক্ট ইষ্ট পলিচীৰ বিষয়ে আলোকপাত কৰে৷
উল্লেখ্য, আজিৰ সভাখনত অসমৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী শ্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অসমৰ শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যও উপস্থিত আছিল৷