নিউজ ডেস্কঃ উত্তৰ-পূব সীমান্ত ৰে’লৱেত চাকৰি দিয়াৰ নামত ২২ লাখ টকা উৎকোচ লোৱা বুলি অভিযোগ উঠা ডিব্রুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলৰ (এ এম চি এইচ) উপ-অধীক্ষক তথা জ্যেষ্ঠ মহিলা চিকিৎসক অজন্তা হাজৰিকাৰ বিৰুদ্ধে ডিব্রুগড় সদৰ থানাত এক গোচৰ ৰুজু হৈছে৷ ডিব্রুগড়ৰ আৰক্ষী অধীক্ষক প্রতীক থুবেয়ে সংবাদ মাধ্যমত জনায় যে ভুক্তভোগী এজন নিবনুৱাৰ পিতৃ অমল নাথৰ এজাহাৰৰ ভিত্তিত থানাত ভাৰতীয় দণ্ডবিধিৰ ১২০ বি৪২০৪০৯৪০৬৫০৬ ধাৰাৰ অধীনত এক গোচৰ ৰুজু কৰা হৈছে৷ ইফালে কালি নিশাই আৰক্ষীৰ দলে অভিযুক্ত চিকিৎসক অজন্তা হাজৰিকাক বিচাৰি তেওঁৰ স্বামীৰ নালিয়াপুলস্থিত বাসগৃহত তালাচী চলাইছিল৷ কিন্তু চিকিৎসকগৰাকীয়ে তাৰ পূর্বেই আত্মগোপন কৰে৷ খবৰ মতে দুদিন পূর্বেই পৰিস্থিতি বিষম হোৱাৰ উমান পাই ডাঃ অজন্তা হাজৰিকাই গুৱাহাটীত গৈ আত্মগোপন কৰিছে৷ তেওঁৰ পৈতৃক গৃহ গুৱহাটীত৷ উল্লেখযোগ্য যে ডিব্রুগড়ৰ তিনিজন নিবনুৱা যুৱকক ৰে’লৱে বিভাগত চাকৰি দিয়াৰ প্রলোভনেৰে এ এম চি এইচৰ উপ- অধীক্ষক ডাঃ অজন্তা হাজৰিকাই ২০১৭ চনৰ ফেব্রুৱাৰী মাহত ২২ লাখ টকা উৎকোচ লোৱা বুলি অভিযোগ আছে৷ ইয়াৰে এটা অংশৰ ধন মহিলা চিকিৎসগৰাকীয়ে নিজৰ গাড়ী চালকৰ দ্বাৰা নগদ হিচাপে গ্রহণ কৰিছিল৷ আনহাতে, বাকী এক অংশৰ ধন তেওঁ নিজৰ অতি ঘনিষ্ঠ গুৱাহাটীৰ ৰাজীৱ পৰাশৰৰ তিনিটা বেংক একাউণ্টত জমা কৰাইছিল বুলি অভিযুক্তই অভিযোগ তুলিছে৷ লগতে জমা ধনৰাশিৰ বেংক ষ্টেটমেণ্ট ৰাজহুৱা কৰিছে৷
উল্লেখযোগ্য যে এই ৰাজীৱ পৰাশৰ চলিত বর্ষৰ অক্টোবৰ মাহত গুৱাহাটীত একাধিক অভিযোগৰ বাবে ক্রাইম ব্রান্সে গ্রেপ্তাৰ কৰি কাৰাগাৰলৈ প্রেৰণ কৰিছিল৷ বিজেপি আৰু আৰ এছ এছৰ নেতা পৰাশৰৰ বিৰুদ্ধে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্রামোন্নয়ন বিভাগকে ধৰি আন বহু চৰকাৰী চাকৰি আৰু ৰে’লৱে বিভাগত চাকৰি দিয়াৰ নামত নিবনুৱাৰ পৰা ধন সংগ্রহৰ অভিযোগ আছে৷ আৰক্ষীয়ে তেওঁৰ ঘৰত যোৱা অক্টোবৰ মাহত তালাচী চলাই বহু আপত্তিজনক নিযুক্তি সম্পর্কীয় নথি-পত্র আৰু এ এছ-০১-বি জেড-৪০০০ নম্বৰৰ বিলাসী গাড়ী জব্দ কৰিছিল৷
এতিয়া ডিব্রুগড়ৰ আৰক্ষীয়ে সন্দেহ প্রকাশ কৰিছে যে পৰাশৰৰ সৈতে মিলি পলাতক মহিলা চিকিৎসক অজন্তা হাজৰিকাই নিবনুৱাক চাকৰি দিয়াৰ নামত দালালি কৰি এক বজাৰ মেলি দিছিল৷ এইগৰাকী চিকিৎসকৰ বিৰুদ্ধে ৰাজহুৱা অভিযোগ উঠাৰ পাছত এতিয়া এ এম চি এইচত নির্মাণ কার্য, যোগান কার্যকে ধৰি অন্যান্য কামত জড়িত বহুজনে মুখ খুলিবলৈ আৰম্ভ কৰিছে৷ স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অতি ঘনিষ্ঠ বুলি জাহিৰ কৰি এ এম চি এইচত ত্রাসৰ সৃষ্টি কৰা ডাঃ অজন্তা হাজৰিকাৰ ষড়যন্ত্রৰ ফলতেই কিছুদিনৰ পূর্বে চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ ইন্দ্র চুতীয়াক বদলি কৰা হৈছিল৷
এ এম চি এইচৰ অধ্যক্ষ আৰু অধীক্ষককো কেৰেপ নকৰা এইগৰাকীৰ বিৰুদ্ধে কি আইনী ব্যৱস্থা হ’ব, সেয়া লক্ষণীয় হৈ পৰিছে৷ আনহাতে, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ গৃহজিলা ডিব্রুগড়ত চৰকাৰী চাকৰি দিয়াৰ নামত একাধিক কেলেংকাৰি পোহৰলৈ অহাত মুখ্যমন্ত্রীৰ ভাবমূর্তিত চেকা পৰিছে বুলিও ৰাইজৰ মাজত ব্যাপক চর্ হৈছে৷ ইফালে, গুৱাহাটীলৈ পলায়ন কৰা ডাঃ অজন্তা হাজৰিকাৰ সম্পর্কত আজি এ এম চি এইচৰ নৱনিযুক্ত অধ্যক্ষ তথা মুখ্য অধীক্ষক ডাঃ সঞ্জীৱ কাকতীয়ে কয় যে দুদিন পূর্বে ডাঃ অজন্তাই ফ’নযোগে জৰুৰীভাৱে গুৱাহাটীলৈ যাবলগীয়া হোৱাৰ বাবে আকস্মিক ছুটী বিচাৰে৷ ডাঃ অজন্তা হাজৰিকাৰ এই বিতর্কৰ সম্পর্কত এ এম চি এইচৰ কোনো সম্পর্ক নাই৷ এয়া তেওঁৰ ব্যক্তিগত কথা বুলি অধ্যক্ষ ডাঃ কাকতীয়ে জনায়৷ ডাঃ অজন্তা এ এম চি এইচৰ প্লাষ্টিক ছার্ৰী বিভাগৰ পঞ্জীয়ক হিচাপ নিযুক্ত হৈ থকাৰ উপৰি উপ-অধীক্ষকৰ অতিৰিক্ত দায়িত্বত আছে বুলি তেওঁ কয়৷