নিউজ ডেস্কঃ যাদৱ পায়েঙৰ জীৱনগাঁথা আৰু প্রকৃতিৰ সৈতে গঢ়ি উঠা আত্মীয়তাৰ লগতে প্রকৃতি সংৰক্ষণৰ উৎকৃষ্ট নিদর্শনক কেন্দ্র কৰি প্রস্তুত কৰা এটা পাঠ আমেৰিকা যুক্তৰাষ্ট্রৰ কনেটিকাটৰ এখন বিদ্যালয়ৰ ৬ষ্ঠ শ্রেণীৰ পাঠ্যক্রমত সন্নিৱিষ্ট হোৱাটো ৰাজ্যবাসীৰ বাবে গৌৰৱৰ বিষয় হৈ পৰিছে৷
যোৰহাটৰ জেইল ৰ’ড নিৱাসী প্রসেনজিৎ শর্মা আৰু বন্দনা শর্মাৰ জীয়াৰী নৱমী বি শর্মা আমেৰিকা যুক্তৰাষ্ট্রৰ কনেটিকাটৰ শিক্ষয়িত্রীৰূপে কর্মৰত৷ জানিব পৰা মতে, যোৱা সপ্তাহত উক্ত বিদ্যালয়খনত ‘অৰণ্যমানৱ’ যাদৱ পায়েঙক কেন্দ্র কৰি প্রস্তুত কৰা এখন তথ্যচিত্রও ছাত্র-ছাত্রীসকলক দেখুওৱা হয়৷
এনেদৰে যাদৱ পায়েঙক বিষয়বস্তুৰূপে লৈ প্রস্তুত কৰা এটা পাঠ সুদূৰ আমেৰিকা যুক্তৰাষ্ট্রৰ এখন বিদ্যালয়ৰ পাঠ্যক্রমত সন্নিৱিষ্ট হোৱাত স্বাভাৱিকতেই শিক্ষয়িত্রী নৱমী শর্মাও উৎফুল্ল বুলি তেওঁৰ পিতৃ-মাতৃয়ে জানিবলৈ দিছে৷ আনহাতে, নৱমীৰ স্বামী প্রৱাসী অসমীয়া যোৰহাটৰ কুশল নগৰ নিৱাসী সুশান্ত বৰদলৈ আমেৰিকা যুক্তৰাষ্ট্রত ছফটৱেৰ অভিযন্তাৰূপে কর্মৰত৷