নিউজ ডেস্কঃ অৰুণোদয় আঁচনিৰ নামত ব্যাপক দুৰ্নীতি সংঘটিত হোৱা অভিযোগ উত্থাপিত হৈছে৷ উপযুক্ত হিতাধিকাৰীক বঞ্চিত কৰি দলীয় নেতা কৰ্মীয়ে নিজা নিজা পছন্দ হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে। এই ক্ষেত্ৰত নামতি আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ সভাপতিয়ে ঘটনাৰ উচিত তদন্ত দাবী কৰাৰ লগতে তেওঁ কয় যে যি সকল প্ৰকৃত হিতাধিকাৰী সেই সকলে যাতে এই আঁচনিৰ সুবিধা পায় ৷ অন্যথা এক জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি হুংকাৰ দিয়ে সভাপতি গৰাকীয়ে।
শিৱসাগৰৰ পৰা অমৃত কুমাৰ শৰ্মাৰ প্ৰতিবেদন