নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ‘চেলফি উইথ ডেভলপমেণ্ট’ অভিযানৰ জৰিয়তে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিছে বিজেপিয়ে ৷
সোমবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভাৰম্ভণি কৰে ‘ছেলফি উইথ ডেভলপমেণ্ট’ অভিযানৰ ৷
কলাক্ষেত্ৰৰ শংকৰদেৱ প্ৰেক্ষাগৃহত ‘বিজেপিৰ অগ্ৰগামী অসম’ শীৰ্ষক অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷
এই অনুষ্ঠানতে ‘ছেলফি উইথ ডেভলপমেণ্ট’ অভিযানৰ শুভাৰম্ভণি কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷
এই অভিযানৰ জৰিয়তে বিজেপি চৰকাৰৰ বিভিন্ন প্ৰকল্প তথা বিকাশমূলক আঁচনিসমূহৰ খতিয়ান দাঙি ধৰিব দলটোৱে ৷
সুৰক্ষিত আৰু বিকশিত অসমৰ উদ্দশ্যৰে ক্ষমতালৈ অহা বিজেপি চৰকাৰে বিভিন্ন উন্নয়নমূলক আঁচনি হাতত লৈছে ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত আধাৰশিলা স্থাপনেৰে আঁচনিৰসমূহৰ শুভাৰম্ভ কৰিছে কিন্তু কিমান আঁচনিৰ সফল ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে চৰকাৰ ৷
কিমান আঁচনিৰ দ্বাৰা উপকৃত হৈছে অসমৰ জনসাধাৰণ তথা হিতাধিকাৰী ৷
চৰকাৰে আৱণ্টন দিয়া আঁচনিসমূহৰ সফল ৰূপায়ণ বাস্তৱত কিমান হৈছে ৷
এশ এবুৰি সমস্যাৰে জৰ্জৰিত অসমৰ উন্নয়নৰ প্ৰকৃত ছবিখনত চকু নপৰে নেতা মন্ত্ৰীৰ ৷
দৈনন্দিন জীৱনৰ অপৰিহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে মধ্যবিত্তক ৷
পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিত জুৰুলা অসম ৷
বিভিন্ন সমস্যাৰ বিৰুদ্ধে ৰাজ্যৰ চুকে- কোনে আজিও অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী ৷
কেইবাটাও সমষ্টিৰ ৰাইজে ভোট বৰ্জনৰ সিদ্ধান্ত লৈছে আগন্তুক নিৰ্বাচনত ৷
আজিও স্থায়ী সমাধান সম্ভৱ নহ’ল বানপানী আৰু গৰাখহনীয়াৰ সমস্যা ৷
এইক্ষেত্ৰত অমিত শ্বাহৰ ‘ছেলফি উইথ ডেভলপমেণ্ট’ অভিযান কিমানদূৰ সফল হ’ব নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত সেয়া লক্ষণীয় হ’ব ৷
চৰকাৰৰ বিভিন্ন উন্নয়নমূলক আঁচনিসমূহৰদ্বাৰা উপকৃত ৰাইজে কৰিব ‘ছেলফি উইথ ডেভলপমেণ্ট’ অভিযানৰ সফল ৰূপায়ণ ৷