নিউজ ডেস্কঃ লক্ষ্য ২০২১ৰ বিধানসভা নিৰ্বাচন। তিনিদিনীয়া ভ্ৰমণ সূচীৰে শুকুৰবাৰে নিশা অসমত উপস্থিত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। নিশা অমিত শ্বাহক বিমান বন্দৰতে আদৰণি জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতাই।
ইফালে শনিবাৰে দিনৰ ১ বজাত আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত অনুষ্ঠিত অনুষ্ঠানত অংশ লব অমিত শ্বাহে। যি সময়ত নৱবৰ্ষ উদযাপনৰ সময়ত ৰাজ্য চৰকাৰে নতুন কোৰোনা গাইডলাইন জাৰি কৰিছে, সেই সময়ত অমিত শ্বাহৰ এই বিশাল অনুষ্ঠানত কোৰোনা বিধি মানি চলা হয় নে নহয়, সেয়াও লক্ষণীয় হব। আমিনগাঁওৰ অনুষ্ঠানতে নগাঁওৰ পৰা বটদ্ৰৱালৈ যোৱা চাৰিলেনযুক্ত পথৰ আধাৰশিলা উদ্বোধন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে। উল্লেখ্য যে, অসমমালাৰ আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া এই পথৰ বাবে ধার্য কৰা হৈছে প্ৰায় ২২৩ কোটি টকা ৷
ইয়াৰ পিছতে গুৱাহাটী স্থাপন হ’বলগীয়া দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব গৃহমন্ত্ৰী অমিত শ্বাহে ৷ প্ৰায় ৮৬০ কোটি টকা ব্যয় সাপেক্ষে পাণবজাৰৰ কালাপাহাৰত নিৰ্মাণ হ’বলগীয়া চিকিৎসা মহাবিদ্যালয়খন ভাৰতৰ ভিতৰত সুবিশাল চিকিৎসালয় ৰূপে চিহ্নিত হ’ব। আনহাতে ৰাজ্যত নতুনকৈ স্থাপন হ’ব ১১ খন আইন মহাবিদ্যালয়৷ শনিবাৰে ১০ খন মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব অমিত শ্বাহে ৷ একেটা অনুষ্ঠানতে ৮ হাজাৰ নামঘৰক প্ৰদান কৰা হব আঢ়ৈ লাখ টকাকৈ ৷ অনুষ্ঠানৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে এক বৈঠকত মিলিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকী।
নিশাৰ সময়ত বিটিচিৰ নৱ নিৰ্বাচিত চৰকাৰৰ সদস্যৰ সৈতে মত বিনিময় কৰিব ৷ মত বিনিময় কৰিব উত্তৰ পূবৰ আটাইবোৰ মিত্ৰজোঁটৰ ৰাজনৈতিক দলৰ সৈতে ৷ দেওবাৰে মা কামাখ্যা দৰ্শনৰ পাছতে মণিপুৰলৈ ৰাওনা হ’ব গৃহমন্ত্ৰীগৰাকী ৷