১৪ মাৰ্চত অসমলৈ আহিব বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ অমিত শ্বাহ ৷
নাজিৰাত নিৰ্বাচনী প্ৰচাৰত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷
নাজিৰাৰ বিজেপি প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰত নামিব অমিত শ্বাহ ৷
নাজিৰাৰ স্পৰ্টচ এচ’ছিয়েচন গ্ৰাউণ্ডত এক বিশাল ৰেলীত অংশ লৈ নিৰ্বাচনী প্ৰচাৰত নামিব অমিত শ্বাহ ৷
নাজিৰাত অমিত শ্বাহৰ এই নিৰ্বাচনী প্ৰচাৰে সমষ্টিটোত বিজেপিৰ বাবে এক চমকপ্ৰদ ভূমিকা পালন কৰিব বুলি আশা কৰিছে বিজেপিয়ে ৷
কাৰণ নাজিৰা বিধানসভা সমষ্টিত ময়ূৰ বৰগোহাঁইৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা আগবঢ়াব বিৰুধী দলপতি দেৱব্ৰত শইকীয়া আৰু অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী ৰিবুলায়া গগৈয়ে ৷
নাজিৰাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক সভাপতি ৰঞ্জিৎ কুমাৰ দাসে ৷
পূৰ্বে বটদ্ৰৱা থানৰ উন্নয়ন আৰু সৌন্দৰ্যবৰ্দ্ধক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিবলৈ ২৫ ফেব্ৰুৱাৰীত অসমত উপস্থিত হৈছিল অমিত শ্বাহ ৷
লগতে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল ৷
উল্লেখ্য, অসমত ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত তিনিটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷
photo: google