গুজৰাটৰ ৰাজকোটত যোৱা ২৪ জুন পৰা ২৬ জুনলৈ অনুষ্ঠিত হোৱা ছাব জুনিয়ৰ নেচনেল একুৱেটিক চেম্পিয়নশ্বিপত শিৱসাগৰ জয়সাগৰৰ ৰিভাৰ একোৱাটিকছৰ প্ৰশিক্ষাৰ্থী অন্বেষা খনিকৰে ৫০ মিটাৰ ৱাটাৰ সোণৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে।
উল্লেখ্য যে, আধুনিক সা-সুবিধা অবিহনে মাত্ৰ কেইগৰাকীমান শিক্ষাৰ্থী লৈ তিনিমাহ পূৰ্বে আৰম্ভ কৰা জয়সাগৰ চিপাহী গাওঁৰ ‘ৰিভাৰ ডলফিন একোৱাটিকছ’ নামৰ এটা সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ গঢ় লৈ উঠিছিল। গুৱাহাটীত অনুষ্ঠিত হোৱা আছাম ষ্টেট একুৱেটিক চেম্পিয়নশ্বিপত ভাগ লৈ ৰিভাৰ ডলফিন একোৱাটিকছ অন্বেষা খনিকৰে ছোৱালী শাখাত ৫ টাকৈ সোণৰ পদক বুটলি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। ৰাষ্ট্ৰীয় পৰ্যায়ত সাঁতোৰ প্ৰতিযোগিতাত অসমৰ এগৰাকী সাঁতোৰবিদৰ সফলতাত উৎফুল্লিত হৈ পৰিছে অসমবাসী।