চণ্ডীগড়ৰ মিনাৰ্ভা একাডেমী ফুটবল ক্লাবলৈ বাছনি হৈছে জালুকবাৰীস্থিত অসম আৰক্ষী অনাঁতাৰ প্ৰশিক্ষণ বিদ্যালয় চমুকৈ APRO’ ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ প্ৰশিক্ষার্থী নিহাল স্বৰ্গীয়াৰী। আমিনগাঁৱৰ ৰামেশ্বৰ স্বৰ্গীয়াৰীৰ পুত্ৰ নিহাল।
গ’লকীপাৰ পজিছনৰ খেলুৱৈ হোৱা হেতুকে মিনাৰ্ভা একাডেমীলৈ বাছনি হৈছে । সেই অনুসৰি মিনাৰ্ভাৰ হৈ ২০২৪ চনৰ ৩০ এপ্ৰিললৈ খেলিবলৈ চুক্তি বদ্ধ হৈছে। চুক্তিৰ সময়ছোৱাত নিহালে এবছৰ স্কলাৰশ্বিপ আৰু থকা-খোৱা লাভ কৰিব বুলি জনাইছে APRO‘ৰ ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ মুখ্য প্ৰশিক্ষক লোচন শইকীয়াই ।