নিউজ ডেস্কঃ দেশৰ আগশাৰীৰ চেটেলাইট চেনেলৰ মুখ্য সম্পাদক তথা এজন অসম সন্তান অৰ্ণব গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কাৰ্যত প্ৰতিবাদত মুখৰিত হৈছে সমগ্ৰ দেশত । মহাৰাষ্ট্ৰ চৰকাৰৰ নিৰ্দেশত মুম্বাই পুলিচে অৰ্ণব গোস্বামীৰ ওপৰত দুবছৰ পুৰণি গোচৰ এটাত গ্ৰেপ্তাৰ কৰা কাণ্ডৰ বিৰুদ্ধে প্ৰতিবাদত নামিল বজালীৰ স্থানীয় সাংবাদিক । পাঠশালা নগৰৰ মাজমজিয়াত পাঠশালা প্ৰেছ ক্লাব আৰু বজালী জিলা সাংবাদিক সন্থাৰ সমূহ সাংবাদিকে মুখত কলা কাপোৰ পৰিধান কৰি অৰ্ণবৰ মুক্তিৰ দাবীত বিভিন্ন শ্লোগানেৰে সকীয়নী প্ৰদান কৰে মহাৰাষ্ট্ৰ চৰকাৰক । অনতিপলমে অৰ্ণৱক মুক্তি নিদিলে এই প্ৰতিবাদ ৰাজপথৰ পৰা ৰাজভৱন পাব বুলি মত পোষণ কৰে সাংবাদিকসকলে ।