নিউজ ডেস্কঃ মহাপুৰুষ মাধৱদেৱৰ জন্মস্থান লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকুপুখুৰীত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হব অংকীয়া ভাওনা সমাৰোহৰ। ২০২১ বৰ্ষৰ ২৮, ২৯ আৰু ৩০ জানুৱাৰীত অনুস্থিত হ’ব লগা ভাওনা সমাৰোহ খনত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ ১২ খনকৈ অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হব বুলি জানিবলৈ দিছে উদ্যোক্তা সমিতিয়ে। ইয়াৰ লগতে আলোচনা চক্ৰ,স্মৃতি গ্ৰন্থ প্ৰকাশৰো ব্যৱস্থা কৰা হৈছে।
এই অংকীয়া ভাওনা সমাৰোহ আয়োজনৰ প্ৰৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালক মূখ্য পৃষ্ঠপোষক, সাংস্কৃতিক মন্ত্ৰী নৱকুমাৰ দলেক পৃষ্ঠপোষক আৰু উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ তথা জন্মস্থান পৰিচালনা সমিতিৰ সভাপতি জনাৰ্দনদেৱ গোস্বামীক সভাপতি আৰু বেনুকান্ত হাজৰিকা আৰু উপেন বৰুৱাক যুটীয়া মূখ্য সম্পাদক হিচাপে লৈ গঠন কৰা হৈছে এখন শক্তিশালী সমিতি।