নিউজ ডেস্কঃ পেছাত তেওঁ এখন ছোৱালী মহাবিদ্যালয়ৰ সাধাৰণ কৰ্মচাৰী হ’লেও ৰে’লৱে বিভাগৰ বহু উচ্চপদস্থ বিষয়াৰ সৈতে তেওঁৰ বৰ ভাল। যাকেই মন যায় তেওঁ তাকেই ৰে’ল বিভাগৰ চাকৰিত সোমাই দিব পাৰে। কিন্তু খৰচ অলপ কৰিব লাগিব। নিজৰ কমিছনৰ লগতে ৰে’লৱে বিভাগৰ উচ্চপদস্থ বিষয়াসকলকো উৎকোচ দিব লাগে। কিন্তু কথা হ’ল- চৰকাৰী চাকৰি এটা পাবলৈ হ’লে টকা অলপ খৰচতো কৰিব লাগিবই! এনেদৰেই চাকৰি প্ৰত্যাশিৰ পৰা চাকৰি প্ৰদানৰ নামত ধন লৈ অহা ৰঙিয়াৰ প্ৰৱঞ্চক শম্ভূ চৌধুৰী এতিয়া আৰক্ষীৰ জালত। ৰঙিয়াৰ মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়ৰ কৰ্মচাৰী তথা ৰঙিয়াৰ ইউচুফ নগৰৰ বাসিন্দা শম্ভূ চৌধুৰীক মঙলবাৰে ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। অভিযোগ অনুসৰি, এইজন প্ৰৱঞ্চকে ৰে’লৱে বিভাগত চাকৰি দিয়াৰ নামত দুবছৰ পূৰ্বেই ৰঙিয়া নগৰৰ ৭নং ৱাৰ্ডৰ নিবাসী অৰ্চনা মণ্ডল দাসৰ পৰা দুটা কিস্তিত ৫ লাখ ১০ হাজাৰ টকা আগধন হিচাপে লৈছিল। ৰে’লৱে বিভাগৰ কেইবাজনো উচ্চপদস্থ বিষয়াৰ নাম লৈ আৰু নিযুক্তি পত্ৰ দেখুৱাই অৰ্চনা মণ্ডলক তেওঁ বিশ্বাস দিয়াইছিল যে তেওঁ চাকৰি দিব পাৰে।কিন্তু ধন দিয়াৰ পিছতো যেতিয়া শম্ভূ চৌধুৰীয়ে অৰ্চনা মণ্ডলক নিযুক্তি পত্ৰ আৰু যোগদান পত্ৰ আজি দিম কালি দিম কৈ দুবছৰ পাৰ কৰিলে, তেতিয়া উপায়ন্তৰ হৈ ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ ওচৰত গোচৰ তৰে ভুক্তভোগী অৰ্চনা মণ্ডলে। তাৰ পিছতে অৰ্চনাই ৰুজু কৰা ৯৫৪/২০নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/ ৪৭১/ ৪৬৮/ ৩৫৪/ ৫০৯/ ৫০৬ ধাৰাৰ অধীনত ৰঙিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শম্ভু চৌধুৰীক। বৰ্তমান ৰঙিয়া থানাত জেৰা অব্যাহত ৰখা হৈছে এইজন প্ৰৱঞ্চকক।