শুকুৰবাৰে ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিলে অসমসহ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ দিন ৷
লগে লগেই বৃদ্ধি পাইছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দলৰ নিৰ্বাচনী তৎপৰতা ৷
সমষ্টিয়ে সমষ্টিয়ে ব্যস্ত হৈ পৰিছে প্ৰাৰ্থিত্ব প্ৰত্যাশী, নেতাৰ লগতে দলীয় কৰ্মীসকল ৷
ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰিছে নিৰ্বাচনী ৰনকৌশল প্ৰস্তুত কৰাত ৷
কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰজোঁট, অজাপ আৰু ৰাইজৰ দলৰ সমান্তৰালভাৱে বিজেপিও আগবাঢ়িছে মিছন ১০০+ ৰ ৰণনীতি প্ৰস্তুত কৰাত ৷
বিজেপিয়ে প্ৰায় প্ৰতিটো সমষ্টিতে ক্ষীপ্ৰ গতিত আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷
সমান্তৰালভাৱে বৰাক আৰু বড়োলেণ্ডতো আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷
দলীয় প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলৰ মাজতো বৃদ্ধি পাইছে তৎপৰতা ৷
৩৩নং বিজনী বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী যুৱনেতা অৰূপ নাথ ৷
বিজেপিৰ ৰাজ্যিক কাৰ্যবাহী সদস্য আৰু অসম বিজেপিৰ OBC মৰ্চাৰ আহ্বায়ক অৰূপ নাথ ৷
বহু বছৰৰ পৰা এইগৰাকী তৰুণ নেতাই দলৰ দায়িত্ব পালন কৰি আহিছে আৰু ইতিবাচক মনোভাৱেৰে বিজনীবাসীৰ উন্নতিৰ হকে কাম কৰি আহিছে ৷
এইগৰাকী উদ্যমী নেতাই জনসাধাৰণৰ উন্নয়নৰ বাবে কাম কৰাৰ উদ্দেশ্যে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছিল ৷
সাধাৰণ জনতাৰ দুখ-দুৰ্দশাৰ সমভাগী হোৱাৰ লগতে চৰকাৰৰ আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ দিশটোতো গুৰুত্ব দি আহিছে ব্যক্তিগৰাকীয়ে ৷
বিজনী সমষ্টিৰপৰা অৰূপ নাথে টিকট পোৱাটো বিচাৰিছে সমষ্টিবাসী ৰাইজে ৷
অৰূপ নাথক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে সমষ্টিটোত বিজেপিৰ জয় নিশ্চিত বুলি কেন্দ্ৰীয় নেতৃত্বকো অৱগত কৰিছে দলীয় নেতাই ৷
ছাত্ৰাৱস্থাৰ পৰাই সমাজসেৱাৰ লগত জড়িত অৰূপ নাথে বিজেপিত যোগদান কৰাৰ পৰাই দলৰ হৈ নিঃস্বাৰ্থভাৱে ৰাইজৰ সেৱা আগবঢ়াই আহিছে ৷
সমষ্টিটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সামাজিক ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত অৰূপ নাথ এগৰাকী শক্তিশালী প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হ’ব আগন্তুক বিধানসভা নিৰ্বাচনত ৷
অৰূপ নাথে নিৰ্বাচনত জয়লাভ কৰিলে সমষ্টিটোৰ উন্নয়নৰ বাবে কাম কৰিব বুলি নিশ্চিত সমষ্টিবাসী ৷