নতুন দিল্লীৰ অগ্ৰণী পুথি প্ৰকাশন প্ৰতিষ্ঠান ৰিফাচিমেণ্টো ইণ্টাৰনেচনেলে অলপতে প্ৰকাশ কৰা “এছিয়া পেছিফিক হুজ হু” শীৰ্ষক পুথিৰ বিঙশতিতম খণ্ডত অসমীয়া আয়ুৰ্বেদিক বিশেষজ্ঞ অধ্যাপক (ডাক্তৰ) দিলীপ কুমাৰ গোস্বামীৰ নাম অন্তৰ্ভুক্ত হৈছে। উল্লেখযোগ্য যে, ৰিফাচিমেণ্টো ইণ্টাৰনেচনেলে এই পুথিখনত এছিয়া পেছিফিক অঞ্চলৰ 455 গৰাকী উল্লেখযোগ্য ব্যক্তিৰ নাম সন্নিবিষ্ট কৰিছে। এই ব্যক্তিসকলে সমাজৰ বিভিন্ন ক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াই নিজৰ সামাজিক দায়বদ্ধতা আৰু কৰ্তব্যনিষ্ঠাৰ পৰিচয় দিছে আৰু সাহিত্য, সংস্কৃতি, চিকিৎসা, গৱেষণা, বিজ্ঞান, শিক্ষা, ৰাজনীতি, সমাজনীতি, অৰ্থনীতি, ব্যৱসায় আদি বিভিন্ন দিশত নিজৰ পাৰদৰ্শিতাৰ বাবে একাধিক ক্ষেত্ৰত স্বীকৃতি আৰু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে।
ডাক্তৰ গোস্বামী বৰ্তমান নলবাৰী জিলাৰ অন্তৰ্গত পোনৰকাউনীয়া গাওঁ নিবাসী প্ৰয়াত যজ্ঞনাথ গোস্বামী আৰু জয়ন্তী প্ৰিয়া গোস্বামীৰ চতুৰ্থ সন্তান, কামৰূপ (মেট্ৰো ) জিলাৰ অন্তৰ্গত সুন্দৰবড়ী গাঁৱৰ বাসিন্দা , জালুকবাৰীস্থিত চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ অগদতন্ত্ৰ আৰু বিধি বৈদ্যক বিভাগৰ প্ৰাক্তন সহযোগী অধ্যাপক। তেখেতে বৰ্তমান উৰিষ্যাৰ কটকস্থিত শ্ৰী শ্ৰী কলেজ অৱ আয়ুৰ্বেদিক চাইন্স এণ্ড ৰিছাৰ্চ হস্পিতালত অগদতন্ত্ৰ বিভাগৰ মুৰব্বী অধ্যাপক হিচাবে কৰ্মৰত হৈ আছে। উল্লেখযোগ্য যে, ডাক্তৰ গোস্বামীয়ে ইতিমধ্যে পাঁচখন আয়ুৰ্বেদ সম্বন্ধীয় গ্ৰন্থ আৰু পয়সত্তৰ খনতকৈও অধিক গৱেষণামূলক প্ৰবন্ধ প্ৰণয়ন আৰু প্ৰকাশ কৰিছে। তদপুৰি তেখেতে বৰ্তমানলৈ শতাধিক আলোচনা চক্ৰত আলোচক, বিশিষ্ট বক্তা, সমল ব্যক্তি ৰূপে অংশগ্ৰহণ কৰিছে আৰু বক্তৃতা প্ৰদান কৰিছে। তেখেতে ইতিমধ্যে ইটালী আৰু ডুবাইত অনুষ্ঠিত আন্তৰ্জাতিক সন্মিলনতো আয়ুৰ্বেদ সম্বন্ধীয় বক্তৃতা প্ৰদান কৰিছে।