নিৰ্বাচনী প্ৰচাৰৰ সমান্তৰালকৈ ৰাজ্যত চলি আছে যোগদান কাৰ্যসূচী ৷
কোনোৱে যদি টিকট নোপোৱাৰ ক্ষোভত যোগদান কৰিছে অন্য দলত , কোনোৱে যোগদান কৰিছে দলৰ প্ৰতি আকৃষ্ট হৈ ৷
দেওবাৰে ১১৮ নং দুলীয়াজান বিধানসভা সমষ্টিৰ অন্তৰ্গত বকুলনি পঞ্চায়তত অনুষ্ঠিত হয় কংগ্ৰেছৰ এক যোগদান কাৰ্যসূচী ৷
ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় ২০০ গৰাকী ভিন্ন বয়সৰ লোকে যোগদান কৰে কংগ্ৰেছত ৷
নেতা ধ্ৰুৱজ্যোতি গগৈৰ নেতৃত্বত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী ৷
ধ্ৰুৱজ্যোতি গগৈ আগন্তুক বিধানসভা নিৰ্বাচনৰ দুলীয়াজান বিধানসভা সমষ্টিৰ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থী ৷