মৰিয়নী বিধানসভা সমষ্টিৰ পৰা মনোনয়ন প্ৰত্যাহাৰ অখিল গগৈৰ ৷
কেৱল শিৱসাগৰৰ পৰাহে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াব কৃষক নেতাগৰাকীয়ে ৷
এক সংবাদমেল যোগে এই কথা ঘোষণা কৰিলে ৰাইজৰ দলে ৷
ৰাইজৰ দলৰ কাৰ্যবাহী সভাপতি ভাস্কো ডি শইকীয়াই সংবাদমেল যোগে ঘোষণা কৰিলে এই কথা ৷
সংবাদমেলত তেওঁ কয়, ‘যদিও গৃহসমষ্টি মৰিয়নীত অখিল গগৈৰ জয়লাভ নিশ্চিত, কিন্তু অসমত বিজেপি বিৰোধী শক্তি একত্ৰিত হোৱাত সহায় হোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছো ৷
এই পদক্ষেপৰ জৰিয়তে মৰিয়নীত বিজেপি পৰাজিত হ’ব বুলি আমি নিশ্চিত ৷’
মৰিয়নী সমষ্টিত কংগ্ৰেছৰ হৈ প্ৰতিদ্বন্দিতা আগবঢ়াব বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷
তেনে পৰিপ্ৰেক্ষিতত অখিল গগৈ আৰু ৰূপজ্যোতি কুৰ্মীৰ মাজত প্ৰতিদ্বন্দিতা হ’ব বুলি অনুমান কৰা হৈছিল ৷
কিন্তু অখিল গগৈৰ মনোনয়ন প্ৰত্যাহাৰে বিজেপি প্ৰাৰ্থী ৰমণী তাঁতীৰ বিৰুদ্ধে ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিদ্বন্দিতা সহজ কৰি তুলিব ৷
উল্লেখ্যে, শিৱসাগৰত ২৭ মাৰ্চত প্ৰথম পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ’ব ৷