নিউজ ডেস্কঃ আজিৰেপৰা আৰম্ভ হ’ল অসম বিধানসভাৰ শীতকালীন অধিবেশন ৷ ক’ভিড প্ৰট’কল মানি তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে অধিবেশন ৷ আজি পুৱা ৯.৩০ বজাত প্ৰশ্নোত্তৰকালেৰে সদনৰ কাৰ্যসূচী আৰম্ভ হয় ৷ আজি সদনৰ মজিয়াত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মাদ্ৰাছা শিক্ষা ব্যৱস্থা বন্ধ কৰিবৰ বাবে এক বিধেয়ক উত্থাপন কৰে ৷ শৰ্মাৰ মতে,যদিহে বিধেয়কখন গৃহীত হয়,তেতিয়া অসমত স্বাধীনতাৰ পূৰ্বে মুছলীম লীগে আৰম্ভ কৰা মাদ্ৰাছা শিক্ষাৰ অন্ত পৰিব ৷ এই কথা হিমন্ত বিশ্ব শৰ্মাই টুইটযোগে প্ৰকাশ কৰিছে ৷
তথ্য অনুসৰি, প্ৰায় ১২ খন বিধেয়ক উত্থাপন কৰা হ’ব অধিবেশনত ৷ The Assam Repealing bill,2020, Assam Education( provincialisation of services of non- teaching staff of venture educational Institutions ( amendment) bill,2020, Moran,Matak, Kamatapur Autonomous Council bill,2020, The Bodo Kachari Welfare Autonomous Council bill,2020, The Assam Micro Finance Institutions bill,2020 উত্থাপন কৰা হ’ব অধিবেশনৰ মজিয়াত ৷