অলপতে অসমত উপস্থিত হয় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে। মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিয়ালৰ সৈতে গুৱাহাটীস্থিত কামাখ্যা মন্দিৰো দৰ্শন কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত এক বৈঠকত মিলিত হয়।
মুখ্যমন্ত্ৰী সিন্দে এই ভ্ৰমণৰ পাছত এক টুইট যোগে মহাবীৰ লাচিত বৰফুকনৰ প্ৰসংগ উল্লেখ কৰে। লাচিত বৰফুকন সন্দৰ্ভত পাৰ্থ সৰাথি মহন্তৰ দ্বাৰা ৰচিত আৰু অনুুপম খেৰৰ দ্বাৰা আবৃত্তি কৰা কবিতাটি টুইটত সংলগ্ন কৰি সিন্দে মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যক জন্ম জয়ন্তীৰ কথা উল্লেখ কৰে।
Got to know about the history of legendary General from #Assam Mahabir #LachitBarphukan on his 400th birth anniversary from my dear friend @himantabiswa 🇮🇳.
Wonderful poem by Parthasarathi Mahanta, narrated by @AnupamKher#GreatWarrior
https://t.co/klaaUE41Gx— Eknath Shinde – एकनाथ शिंदे (@mieknathshinde) November 27, 2022
সিন্দে লগতে কয় যে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আহ্বান মৰ্মে মুহাৰাষ্ট্ৰত নিৰ্মাণ কৰা হ’ব অসম ভৱন আৰু অসমতো নিৰ্মাণ কৰা হ’ব মহাৰাষ্ট্ৰ ভৱন।