১ মাৰ্চৰ পৰা ৰাজ্যত পুনৰ বলৱৎ হ’ব বাধ্যতামূলক ক’ভিড পৰীক্ষণৰ নিয়ম ৷
বিমানবন্দৰ, ৰে’লৱে ষ্টেচন সকলোতে বাধ্যতামূলক হ’ব ক’ভিড পৰীক্ষণ ৷
শুকুৰবাৰে অসম চৰকাৰে ঘোষণা কৰিছে এই নিৰ্দেশনা ৷
ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যান মন্ত্ৰালয়ৰ তৰফৰ পৰা জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা ৷
পূৰ্বৰ নিৰ্দেশ প্ৰত্যাহাৰ কৰি ১ মাৰ্চৰ পৰা পুনৰ বাধ্যতামূলক ক’ভিড পৰীক্ষণৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে ৷
শেহতীয়াকৈ বহুকেইখন ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা ক’ৰোণা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পুনৰ এই সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে ৷
নতুন নিৰ্দেশনা অনুযায়ী ৰাজ্যৰ ৬টা বিমানবন্দৰ আৰু ৰে’লৱে ষ্টেচনসমূহত যাত্ৰীৰ ক’ভিড স্ক্ৰীনিং আৰু পৰীক্ষণ চলিব ৷
উল্লেখ্য,ক’ভিড সংক্ৰমণ হ্ৰাস পোৱাৰ বাবে ফেব্ৰুৱাৰীৰ প্ৰথমভাগত বাধ্যতামূলক ক’ভিড পৰীক্ষণ স্থগিত ৰখাৰ সিদ্ধান্ত লৈছিল ৰাজ্য চৰকাৰে ৷
photo: google