নিউজ ডেস্কঃ জননেতা কমৰেড বিনোদ মিশ্ৰৰ স্মৰণত ১৯৯৮ চনৰ পৰাই ১৮ ডিচেম্বৰত চিপিআইএম দলে পালন কৰি আহিছে সংকল্প দিৱস। শুকুৰবাৰৰ দিনটোতো ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হয় এই সংকল্প দিৱস।
বিহালীৰ ৰতোৱাৰ মাহালীবস্তি খেলপথাৰত চিপিআইএম (এল)-ৰ বিশ্বনাথ জিলা সমিতিয়ে কমৰেড বিনোদ মিশ্ৰৰ স্মৰণত পালন কৰে ২২সংখ্যক সংকল্প দিৱস। অনুষ্ঠানৰ আৰম্ভণিতে কমৰেড বিনোদ মিশ্ৰৰ প্ৰতিচ্ছবিত মাল্যাপৰ্ণ কৰা। তাৰ পিছতে অনুষ্ঠিত সভাত বিজেপিক তীক্ষ্ণ সমালোচনা কৰি চিপিআইএমএলৰ কেন্দ্ৰীয় সদস্য বিবেক দাসে কয় যে বিজেপিয়ে জনবিৰোধী কাম-কাজ কৰি আহিছে। বিজেপিৰ ওপৰত ৰাইজে লাহে লাহে আস্থা হেৰুৱাই পেলাইছে বুলিও মন্তব্য কৰে দাসে। অনুষ্ঠানত শতাধিক লোক উপস্থিত থাকে।