নিউজ ডেস্কঃ অসম আৰক্ষীৰ উৎকৃষ্ট সেৱাৰ বাবে ডিজিপিৰ সোণৰ পদক লাভ কৰি তিনিচুকীয়া জিলালৈ তিনিচুকীয়াৰ এছপি শিলাদিত্য চেতিয়াই গৌৰৱ কঢ়িয়াই আনিছে। অসম আৰক্ষীত উৎকৃষ্ট সেৱা আগবঢ়াই অহা আৰক্ষী বিষয়া সকলক উৎসাহ যোগোৱাৰ বাবে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ তৰফৰ পৰা সোণৰ আৰু ৰূপৰ পদক প্ৰদান কৰি আহিছে।
এইবাৰ প্ৰদান কৰা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক আই পি এছ শিলাদিত্য চেতিয়া অন্যতম। তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষক শিলাদিত্য চেতিয়া এগৰাকী আৰক্ষী বিষয়া হিচাপেই নহয়, এগৰাকী সমাজহিতৈষী, সমাজ সেৱক হিচাপেও সমাজত পৰিচিত। শিলাদিত্য চেতিয়াই দুৰ্গত, দৰিদ্ৰ জনৰ কাষত, অসহায় জনৰ ওচৰত থিয় হৈ মানৱসেৱাও কৰি আহিছে।
বিগত সময়ছোৱাত বানত সৰ্বশ্ৰান্ত হৈ পৰা বানপীড়িত, লক ডাউনৰ সময়ত জুৰুলা হোৱা দৰিদ্ৰ-অসহায়, আৰ্তজনৰ কাষত থিয় দি সাহায্য বিতৰণ কৰি সহায়ৰ হাত আগবঢ়াইছিল। আৰক্ষী অধীক্ষক হিচাপে অসম আৰক্ষীত নিষ্ঠা আৰু সততাৰে সেৱা আগবঢ়াই অহা আই পি এছ শিলাদিত্য চেতিয়াই আৰক্ষী আৰু জনতাৰ মাজত সু-সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰি আহিছে। ইতিমধ্যে আৰক্ষী অধীক্ষক গৰাকীয়ে কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছে।