নিউজ ডেস্কঃ মহামাৰী ক’ৰোনাৰ বাবে বিদ্যালয়ৰ শ্ৰেণী কোঠা বন্ধ হৈ থকা আজি ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতে প্ৰথমটো পাঠদান আৰম্ভ হ’ব ৷ ঠিক সেইদৰে বৃহস্পতিবাৰে ঘোষণা কৰা হ’ল চিবিএছইৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ দিন ৷ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালে ঘোষণা কৰা মতে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা ব’ৰ্ডে ১ মাৰ্চৰপৰা একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষাসমূহ অনুস্থিত কৰিব আৰু ৪ তাৰিখৰপৰা ১০ তাৰিখলৈ ব’ৰ্ডৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব৷
উল্লেখ্য, সাধাৰণতে চিবিএছইৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ব্যৱহাৰিক পৰীক্ষা জানুৱাৰী মাহত আৰু ব’ৰ্ডৰ পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত হয় যদিও ক’ভিড সংক্ৰমণৰ বাবে এইবাৰ পৰীক্ষাসমূহ অনুষ্ঠিত হোৱা নাছিল ৷