নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ অভিযানৰ সমান্তৰালকৈ এতিয়া তুংগত উঠিছে আৱকাৰী বিভাগৰ অভিযান ৷
ৰাজ্যত ইতিমধ্যেই বলবৎ কৰা হৈছে নিৰ্বাচনী আচৰণ-বিধি ৷
বিভিন্ন প্ৰান্তত ফ্লায়িং স্কোৱাডৰ অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ সুৰা, গাঞ্জা, ব্ৰাউন চুগাৰসহ বিভিন্ন নিচাজাতীয় দ্ৰব্য ৷
২৬ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে অসম আৰক্ষী, আৱকাৰী বিভাগ, আয়কৰ বিভাগ, ৰাজহ দপ্তৰ, নাৰ্ক’টিকচ কন্ট্ৰল ব্যুৰ’ , ফ্লায়িং স্কোৱাড আৰু অনান্য নিয়ন্ত্ৰক সংস্থা সক্ৰিয় হৈ পৰিছে ৰাজ্যত ৷
বিভিন্ন সন্দেহজনক লোকৰ পৰা জব্দ কৰিবলৈ সক্ষম হৈছে বৃহৎ পৰিমাণৰ টকাৰ লগতে নিচাজাতীয় দ্ৰব্য ৷
২৬ ফেব্ৰুৱাৰীৰ পৰা ১২ মাৰ্চলৈকে জব্দ কৰা নিচাজাতীয় দ্ৰব্যৰ এখন তালিকা শেহতীয়াকৈ প্ৰকাশ কৰিছে অসম আৰক্ষীয়ে ৷
তালিকা অনুসৰি,জব্দ কৰা হে’ৰইন ২.০৫ কেজি, যাৰ বজাৰ মূল্য ১৪৩.২১ লাখ টকা, ৯৬.৭৫ টকাৰ ৯৬৭.৪৯ কেজি গাঞ্জা, ৩.৩৬ লাখ টকাৰ ১১২০ বটল কফ চিৰাপ,৩৪৩.৮৫ টকাৰ নিচাজাতীয় টেবলেট, ১৪৯ টা কেপচুল আৰু জব্দ কৰা হৈছে ৯৯.৮৫ গ্ৰাম ব্ৰাউন চুগাৰ আৰু ইয়াৰ বজাৰ মূল্য হ’ব ৬.৯৯ লাখ টকা ৷
ইয়াৰোপৰি অভিযানকালত অৰক্ষীয়ে জব্দ কৰিছে দেশী-বিদেশী সুৰাৰ লগতে কোটি কোটি টকাৰ অবৈধ সুৰা ৷
এতিয়ালৈকে জব্দ কৰিবলৈ সক্ষম হোৱা সুৰাৰ ভিতৰত আছে ৭৭,৩৪৪ লিটাৰ বিদেশী সুৰা, দেশীয় সুৰা জব্দ কৰিছে ৬,১৫৪ লিটাৰ আৰু ৬,০৬,১৮৫ লিটাৰ অবৈধ সুৰা, যাৰ মূল্য ৫৫,৪৩১,১৬০ টকা ৷
photo: google