গোৱালপাৰা জিলাৰ কৃষ্ণাই আঞ্চলিক বন বিভাগৰ অন্তৰ্গত কৃষ্ণাই শালপাৰা দাৰাপাৰাত ২৯ মে’ৰ নিশা চোৰাং কাঠ ব্যৱসায়ীৰ দলবদ্ধ আক্ৰমণত নিহত হোৱা মাষ্টাৰৰোল বনকৰ্মী ৰজভী আহমেদক অসম বন কৰ্মচাৰী সন্থাই জাতীয় বন শ্বহীদ হিচাপে ঘোষণা কৰিছে। সন্থাৰ সভাপতি হোমেন পেগুৰ নেতৃত্বত এটা সজাতি দলে গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ গান্ধীনগৰস্থিত ৰাজভী আহমেদৰ (২৩) বাসগৃহত উপস্থিত হৈ সন্থাৰ ফালৰ তেওঁক বন শ্বহীদ হিচাপে ঘোষণা কৰাৰ সিদ্ধান্তৰ বিষয়ে সদৰি কৰে। হোমেন পেগুৱে কয় ৰাজভী আহমেদে নিজৰ জীৱনক তুচ্চ কৰিও সিদিনা নিশা বনদস্যুৰ বিৰুদ্ধে যুঁজ দিছিল। তেওঁৰ অসীম সাঁহস আৰু বীৰত্বক সন্থাই সদায় শ্ৰদ্ধাৰে সোঁৱৰণ কৰিব । আমি চৰকাৰক তেওঁৰ একমাত্ৰ ভনীয়েক আয়েছা ছিদ্দিকাক বন বিভাগত নিযুক্তি দিয়াৰ লগতে ২০ লাখ টকাৰ আৰ্থিক অনুদান দিবৰ বাবে দাবী জনাইছো । পেগুৰ নেতৃত্বত যোৱা সজাতি দলটোত অসম বন বিদ্যালয়ৰ আঞ্চলিক বন কৰ্মচাৰী অশোক কলিতা, সন্থাৰ উপ সভাপতি উৎপল বৰ্মন, হিচাপ পৰীক্ষক মানস প্ৰতীম মহন্তকে ধৰি কেবাজনো সময়তে সদস্য উপস্থিত আছিল । দলটোৱে নিহত ৰাজভী আহমেদৰ পিতৃ কুদ্দুচ আলী, মাতৃ মামণি বেগম, ভনীয়েক আয়েছা ছিদ্দিকাৰ সৈতে বাৰ্তালাপ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰি বিদেহ আত্মাৰ চিৰাশান্তি কামনা কৰে। ইফালে সন্থাই আহত হৈ দুখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা তিনি বনকৰ্মী ক্ৰমে – মবিনুৰ ৰহমান, নজৰুল ইছলাম আৰু গোলাম মুস্তাফাৰ শীঘ্ৰে আৰোগ্য কামনা কৰি তেওঁলোকৰ সমস্ত চিকিৎসাৰ খৰছ চৰকাৰক বহন কৰিবলৈ দাবী জনাইছে।
উল্লেখযোগ্য যে সিদিনা নিশা চোৰাং কাঠ ব্যৱসায়ীয়ে লাঠী, দা, খুকুৰী, চোকা অস্ত্ৰৰে বনকৰ্মীৰ দলটোক আক্ৰমণ কৰিছিল । ঘটনাৰ বিৱৰণী অনুসৰি সিদিনা নিশা বৰোমাটিয়া প্রস্তাবিত সংৰক্ষিত বনাঞ্চলৰ দাৰাপাৰাত এদল বনদস্যুৱে শাল গছ কটাৰ খবৰ লাভ কৰি কৃষ্ণাই বন বিভাগৰ লোক উপস্থিত হৈ এক টেক্টৰ শাল গছ উদ্ধাৰ কৰি বন বিভাগৰ কাৰ্যালয়লৈ আনিবলৈ যো জা চলাওঁতেই চোৰাং কাঠ বেপাৰীৰূপী বনদস্যুৰ দলটোৱে বন বিভাগৰ লোকসকলক আক্ৰমণ কৰে। এই আক্ৰমণত মাষ্টাৰৰোল বনকৰ্মী ৰাজভি আহমেদ নিহত হোৱাৰ বিপৰীতে মবিনুৰ ৰহমান, নজৰুল ইছলাম আৰু গোলাম মুস্তাফা গুৰুতৰভাৱে আহত হয়। অৱশ্যে বননিৰ মাজত জব্দ কৰা ট্ৰেক্টৰৰ কাষত থকা আন বনকৰ্মীসকল কৌশলেৰে উক্ত স্থানৰ পৰা পলাবলৈ সক্ষম হোৱাত আক্ৰমণৰ পৰা ৰক্ষা পৰে।