গুৱাহাটীঃ কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী প্ৰকাশ জাভাড়েকাৰে আজি নতুন দিল্লীত ভিডিঅ’ কনফাৰেন্সযোগে অসমৰ বাবে ২৪ ঘণ্টীয়া দুৰদৰ্শন চেনেল মুকলি কৰিলে৷ এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, ‘‘এই চেনেল অসমৰ ৰাইজলৈ উপহাৰ হিচাপে প্ৰদান কৰা হৈছে আৰু এই চেনেলটোৱে অসমৰ জনসাধাৰণৰ সকলো অংশকে সামৰি জনপ্ৰিয় হৈ উঠিব৷’’
মন্ত্ৰীগৰাকীয়ে সকলো ৰাজ্যৰে বাবে নিজাকৈ একোটাকৈ দুৰদৰ্শন চেনেল থকাৰ প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰি কয় যে অন্যান্য ৰাজ্যৰ চেনেলসমূহ ডিডি ফ্ৰি ডিশ্বত উপলব্ধ হৈছে৷ মন্ত্ৰীগৰাকীয়ে দুৰদৰ্শনৰ ছয়টা ৰাষ্ট্ৰীয় চেনেলত প্ৰচাৰিত কাৰ্যসূচীসমূহৰো প্ৰশংসা কৰে৷ উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ উন্নতিৰ ইঞ্জিন হিচাপে গঢ়ি তোলাৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ বিষয়ে আলোকপাত কৰি শ্ৰী জাভাড়েকাৰে কয় যে অঞ্চলটোত প্ৰাকৃতিক তথা মানৱ সম্পদৰ অপাৰ সম্ভাৱনা আছে আৰু অঞ্চলটোত বৰ্তমানে যোগাযোগ ব্যৱস্থাৰো উন্নতি হৈছে৷
চেনেলটোৰ মুকলি অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী শ্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰে৷ অসমৰ বাবে আজিৰ দিনটো বিশেষ উল্লেখযোগ্য বুলি মন্তব্য কৰি তেওঁ কয় যে এই চেনেলটোৰ দ্বাৰা অসমৰ বিভিন্ন ক্ষেত্ৰৰ জনসাধাৰণৰ উন্নতিত সহায়ক হ’ব৷
ভিডিঅ’ কনফাৰেন্সযোগে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে কয় যে আজি অসমৰ বাবে আনন্দৰ দিন কিয়নো ৰাজহুৱা সম্প্ৰচাৰ ব্যৱস্থাত দুৰদৰ্শন অসম শীৰ্ষক এটা নতুন চেনেলৰ সংযোজন হ’ল৷
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব শ্ৰী অমিত খাড়েয়ে কয় যে বিগত বৰ্ষত প্ৰধানমন্ত্ৰীৰ দ্বাৰা ডিডি অৰুণপ্ৰভা মুকলি হোৱাৰ পিছৰে পৰা অসমৰ বাবে আচুতীয়াকৈ এটা চেনেল মুকলিৰ বিষয়ে পৰিকল্পনা কৰা হৈছিল৷ শ্ৰী খাড়েয়ে অসমক উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলি অভিহিত কৰি ডিডি অসম চেনেলটোৰ জৰিয়তে অঞ্চলটোৰ নতুন প্ৰতিভা বিকশিত হোৱাত সহায়ক হ’ব বুলি মন্তব্য কৰে৷
চিত্ৰৰ উৎসঃ পিআইবি