নিউজ ডেস্কঃ বোকাখাতত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ থকা কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত অসম চৰকাৰৰ পশু কল্যাণ বিভাগৰ তৰফৰ পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কৰ্তৃপক্ষক এখন পশুধন সাৰথি নামৰ এম্বুলেঞ্চ প্ৰদান কৰা হয় ৷
কাজিৰঙাৰ বন্যপ্ৰাণীৰ চিকিৎসাৰ বাবে ব্যৱহৃত হোৱাকৈ এই বিশেষ এম্বুলেঞ্চখন আনুষ্ঠানিকভাৱে কাজিৰঙাৰ সঞ্চালক পি শিৱ কুমাৰৰ হাতত অৰ্পণ কৰে কৃষি আৰু পশু কল্যাণ মন্ত্ৰী অতুল বৰাই ৷
উল্লেখ্য, বোকাখাতত অনুষ্ঠিত কৃষি আৰু উদ্যান শস্যৰ প্ৰদৰ্শনীতে অসম চৰকাৰৰ পশু কল্যাণ বিভাগে কামৰূপ মহানগৰ জিলা, গোলাঘাট জিলা, কাছাৰ জিলা আৰু অসম কৃষি বিশ্ববিদ্যালয়কো একোখনকৈ পশু ধন সাৰথি এম্বুলেঞ্চ প্ৰদান কৰে ৷
বন্যপ্ৰাণীৰ কল্যাণৰ বাবে প্ৰদান কৰা এই এম্বুলেঞ্চ কেইখনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দীৰ্ঘদিনীয়া এক অভাৱ পুৰণ কৰিব বুলি চৰকাৰে দৃঢ় বিশ্বাস ৷