বিধানসভা নিৰ্বাচনৰ বাবে ২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত মজুৰিযুক্ত বন্ধ ঘোষণা অসমত ৷
মঙলবাৰে এই কথা ঘোষণা কৰে ৰাজ্য চৰকাৰে ৷
২৭ মাৰ্চ, ১ এপ্ৰিল আৰু ৬ এপ্ৰিলত তিনিটা পৰ্যায়ত অসমত অনুষ্ঠিত হ’ব নিৰ্বাচন ৷
নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া সমষ্টিসমূহত উক্ত দিনা মজুৰিযুক্ত বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ ৷
এই পদক্ষেপৰ জৰিয়তে উক্ত অঞ্চলসমূহত কৰ্মচাৰীসকলক ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিব পৰাকৈ প্ৰচেষ্টা হাতত লৈছে চৰকাৰে ৷
ফেক্টৰী, বাণিজ্যিক প্ৰতিষ্ঠান, নিৰ্বাচনী এলেকাৰ বেংক, বিনোদনমূলক ক্ষেত্ৰ আদি সকলোতে এই বন্ধ প্ৰযোজ্য হ’ব ৷
photo: google