৩০ জুন, গুৱাহাটী – ক’ৰোনা ভাইৰাছে সৃষ্টি কৰা পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে শিক্ষাবর্ষ সলনিত অনুমোদন জনাইছে৷ ক’ৰোনা ভাইৰাছ আৰু লকডাউনৰ ফলত সাধাৰণতে জানুৱাৰীৰ পৰা আৰম্ভ হোৱা শিক্ষাবর্ষত হোৱা বিঘিনিৰ বাবে শিক্ষা বিভাগে জানুৱাৰী-ডিচেম্বৰৰ পৰিৱর্তে শৈক্ষিক বর্ষৰ সময় এপ্রিলৰ পৰা মার্চ মাহলৈ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে।
শিক্ষা বিভাগে বিভিন্ন পক্ষৰ লাভ কৰা পৰামর্শৰ পাছত কালি ৰাজ্যিক কেবিনেটে নতুন শিক্ষা বর্ষত অনুমোদন জনাইছে৷ কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্তৰ কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ অৱশ্যে শিক্ষা বর্ষ সলনিৰ সিদ্ধান্ত অন্তৱৰ্তীকালীনভাৱেহে লোৱা হৈছে বুলি জনাইছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।