অসমৰ চলচ্চিত্ৰ উদ্যোগলৈ ৰাজসাহায্য বিতৰণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ।
১৩ ফেব্ৰুৱাৰীত জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত আঁচনিৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে ।
প্ৰথম পৰ্যায়ত ১ কোটি টকা প্ৰদান কৰে চলচ্চিত্ৰ উদ্যোগলৈ।
৪৫খন পূৰ্ণ দৈৰ্ঘ্যৰ কথাছবি, ৬খন তথ্যচিত্র আৰু ৪খন চুটি ছবিক সামৰি আঁচনিখনৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।
অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে সাংস্কৃতিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নৱ দলে, অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগমৰ অধ্যক্ষা সুমন হাৰিপ্ৰিয়া, মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি।
মুখ্যমন্ত্ৰী সোণোৱালে ভাষণত কয়, ‘চিনেমাৰ এক অদ্ভুত শক্তি আছে,যিয়ে সমাজ সংস্কৰণ আৰু উত্তৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।
চিনেমাৰ পৰা সমাজত ভাল আৰু বেয়া দুয়োটা প্ৰভাৱ পৰে, বেয়াটো বাদ দি আমি ভালটো গ্ৰহণ কৰিব লাগে ।’
photo: headline8