আগন্তুক বিধানসভা নিৰ্বাচনত দায়িত্ব পালন নকৰে অসম হোমগাৰ্ড এছ’চিয়েচনে ৷
১৮ মাৰ্চৰ পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট কাৰ্যসূচীৰ আহ্বান কৰিছে সদৌ অসম প্ৰশিক্ষিত হোমগাৰ্ড এছ’চিয়েচনে ৷
হোমগাৰ্ড এছ’চিয়েচনে দীৰ্ঘদিন ধৰি চাকৰি নিয়মীয়াকৰণৰ দাবী জনাই আহিছে যদিও কাণসাৰ দিয়া নাই চৰকাৰে ৷
“চাকৰিৰ নিয়মীয়াকৰণ আমাৰ দীৰ্ঘদিনীয়া দাবী ৷
যদি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এইবাৰো চৰকাৰে আমাৰ দাবী মানি নলয়, তেতিয়া আমি আগন্তুক বিধানসভা নিৰ্বাচন বৰ্জন কৰিম ৷ ” এই ভাষ্য এগৰাকী সদস্যৰ ৷
এছ’চিয়েচনৰ তথ্য অনুসৰি, অসম চৰকাৰৰ অধীনত ১২০০০ হোমগাৰ্ড কৰ্মচাৰীয়ে অতি নিম্ন মজুৰিত অপ্ৰাদেশীকৃত পদত চাকৰি কৰি আছে ৷
তেওঁলোক প্ৰতিমাহে ৯০০০ টকা মজুৰিত কৰ্মৰত ৷
তেওঁলোকৰ পদসমূহ প্ৰাদেশীকিকৰণ কৰিবৰ বাবে বৰ্তমানৰ ‘অসম হোমগাৰ্ড আইন,১৯৪৭’ৰ সংশোধনৰ বাবেও আবেদন জনাইছিল ৷
এছ’চিয়েচনৰ মতে, তেওঁলোকৰ দাবী মানি নোলোৱা পৰ্যন্ত নিৰ্বাচনৰ সকলো দায়িত্বৰ পৰা তেওঁলোক আঁতৰি থাকিব ৷