নিউজ ডেস্কঃ ৰাজ্যত কিছুদিনৰে পৰা চলি থকা ‘মিঞা মিউজিয়াম’ৰ বিতৰ্কৰ মাজতে অসমৰ মাদ্ৰাছাসমূহৰ প্ৰাদেশিকীকৰণৰ এক সিদ্ধান্তই চৰকাৰৰ স্বভাষ্য বিৰোধী স্বভাৱক উদঙাই তুলিছে৷ তাৎপৰ্যপূৰ্ণভাৱে, যি সময়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় শিক্ষাৰ পোহাৰ মেলা বুলি অভিযোগ তুলি মাদ্ৰাছাসমূহ বন্ধ কৰাৰ হুংকাৰ দিছে, ঠিক সেই সময়তে শিক্ষা বিভাগ সম্পৰ্কীয় বিধানসভা সমিতিয়ে ওলোটাই আকৌ মাদ্ৰাছাসমূহ প্ৰাদেশিকীকৰণৰ বাবেহে অনুমোদন দিয়াৰ প্ৰসংগই চৰকাৰখনৰ প্ৰকৃত স্থিতিক লৈ বিভিন্ন প্ৰশ্নৰ উদ্ৰেক হৈছে৷ অগপ বিধায়ক উৎপল দত্তৰ অধ্যক্ষতাত গঠিত বিধানসভাৰ সমিতিয়ে যোৱা ২৪ মাৰ্চত দাখিল কৰা প্ৰতিবেদনত ৰাজ্যৰ অপ্ৰাদেশীকৃত মাদ্ৰাছাসমূহক প্ৰাদেশিকীকৰণ কৰিব লাগে বুলি স্পষ্ট কৰি দিছে৷
আনহাতে মাদ্ৰাছাসমূহত কেৱল ধৰ্মীয় শিক্ষা প্ৰদান কৰা হয় বুলি অভিযোগ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে শিক্ষানুষ্ঠানসমূহ বন্ধ কৰি সাধাৰণ শিক্ষানুষ্ঠানলৈ পৰিৱৰ্তন কৰা হ’ব বুলি সংবাদমেলত স্পষ্ট কৰি দিছিল৷
স্বাভাৱিকতে সমিতিখনৰ এই সিদ্ধান্তই সচেতন মহলক হতচকিত কৰি তুলিছে৷ কিয়নো এফালে শাসকীয় দলৰ সদস্যই মিঞা বা বাংলাদেশীৰ আগ্ৰাসনৰ বিৰুদ্ধে তাল-আফাল লগাই থকাৰ মুহূৰ্তত আনফালে ধৰ্মীয় শিক্ষা প্ৰদান কৰা মাদ্ৰাছাসমূহৰ প্ৰাদেশিকীকৰণৰ সিদ্ধান্ত যে আগন্তুক নিৰ্বাচনৰ কুচ-কাৱাজৰ বাহিৰে আন একো নহয় তথা এয়া যে সংখ্যালঘূ ভোটাৰসকলক আকৰ্ষণ কৰাৰ এক কৌশলহে, সেয়া স্পষ্টকৈ ওলাই পৰিছে৷