পুনৰ চর্চাত অসমৰ লেডী সিংঘম তথা জোনমণি ৰাভা। শাসকীয় দলৰ বিধায়ক এগৰাকীক নীতি শিক্ষা দি চর্চালৈ অহা জোনমণি ৰাভা এইবাৰ চৰ্চালৈ আহিছে আন এটা বিষয়কলৈ। বৰ্তমান নগাঁও সদৰ আৰক্ষী থানাৰ মহিলা শাখাৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত এছ.আই জোনমণি ৰাভাক বিয়া পাতিবলৈ মিছা পৰিচয়ৰ আশ্ৰয় লৈছিল এজন যুৱকে।
জোনমণি ৰাভাক বিয়া পাতিবলৈ নিজকে ONGC ৰ জনসম্পৰ্কৰক্ষী বিষয়া বুলি পৰিচয় দিছিল ৰাণা পগা’গ নামৰ যুৱকজনে। সেইমতে আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল বিয়াৰ আলোচনা। কিন্তু হঠাৎ যুৱকজনৰ সকলো পৰিকল্পনাত লাগিল আউল। বিয়াৰ পূৰ্বেই ওলাই পৰিল যুৱকজনৰ প্ৰকৃত পৰিচয়।
বিভিন্ন কৌশলেৰে অপৰাধীক জালত পেলোৱা এছ আই জোনমণি ৰাভাৰ জালত পৰিল প্ৰৱঞ্চনাৰে বিয়া পাতিব বিচৰা ONGC ৰ ভুৱা বিষয়া ৰানা পগা’গ। জোনমনি ৰাভাৰ এজাহাৰৰ ভিত্তিত স্বামী হ’ব বিচৰা প্ৰৱঞ্চক যুৱকক অৱশেষত আটক কৰা হয়।