• Home
Headline8
English
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ
No Result
View All Result
Headline8
English

অসমত ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ সৰ্বত্ৰ প্ৰশংসা

Manoranjan Majumder by Manoranjan Majumder
August 6, 2020
in অসম
1 min read
0
NEP
Share on FacebookShare on Twitter

নিউজ ডেস্কঃ  ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ক এক আধুনিক আৰু সময়োপযোগী বুলি প্ৰশংসা কৰি অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু শিক্ষাবিদসকলে ব্যাপক আদৰণি জনাইছে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত শেহতীয়াকৈ অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটে বিদ্যালয় আৰু উচ্চ শিক্ষা খণ্ড উভয়তে ব্যাপক হাৰত তথা পৰিৱৰ্তনশীল সংস্কাৰ সাধন কৰি এই ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ত অনুমোদন জনায়৷ এয়া ১৯৮৬ৰ ৩৪ বছৰ পুৰণি ৰাষ্ট্ৰীয় শিক্ষা নীতি (এনপিই)ৰ বিকল্প তথা একৈশ শতিকাৰ প্ৰথম শিক্ষানীতি৷

আহৰণ, সমতা, গুণগত মান, সহজলভ্য আৰু জবাহদিহিতা শীৰ্ষক পাঁচটা স্তম্ভৰ ওপৰত প্ৰতিষ্ঠিত এই নীতি ২০৩০ৰ বহনযোগ্য উন্নয়ন এজেণ্ডাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰস্তুত কৰা হৈছে৷ তদুপৰি, ইয়াৰ জৰিয়তে বিদ্যালয় আৰু মহাবিদ্যালয় শিক্ষাক অধিক উৎকৰ্ষমূলক, শিথিল, বহুপাক্ষিক ৰূপ দি ভাৰতত এখন বিশাল প্ৰজ্ঞা সমাজ তথা গোলকীয় জ্ঞানৰ ছুপাৰপাৱাৰত পৰিণত কৰাৰ লক্ষ্য লোৱা হৈছে, যি শিক্ষাই একৈশ শতিকাৰ প্ৰয়োজনীয়তা পুৰণ কৰে আৰু প্ৰতিগৰাকী শিক্ষাৰ্থীৰ মাজত বিশেষ সক্ষমতা গঢ় দিয়ে৷

বৰ্তমান শিক্ষাৰ শিতানত দেশৰ জিডিপিৰ ৪% ব্যয় কৰাৰ বিপৰীতে ৰাষ্ট্ৰীয় শিক্ষা নীতিত এই ব্যয় ৬%লৈ বৃদ্ধিৰ পৰিকল্পনা কৰা হৈছে৷ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰসমূহে একেলগে শিক্ষা খণ্ডত ৬% জিডিপি ব্যয় কৰাৰ দিশত কাম কৰিব৷

ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০য়ে প্ৰাক-প্ৰাথমিকৰ পৰা মাধ্যমিকলৈ সকলো পৰ্যায়তে সাৰ্বজনীন শিক্ষা আহৰণ সুনিশ্চিত কৰাত গুৰুত্ব আৰোপ কৰিছে৷ আন্তঃগাঁথনি উন্নয়ন, স্কুলীয়া শিক্ষা বাদ দিয়াসকলক পুনৰ মূলসূঁতিলৈ ঘূৰাই অনাৰ বাবে অভিনৱ শিক্ষা কেন্দ্ৰ, শিক্ষাৰ্থী আৰু তেওঁলোকৰ শিক্ষাৰ মান চিনাক্তকৰণ, আনুষ্ঠানিক আৰু অনানুষ্ঠানিক উভয় মাধ্যমতে শিক্ষণৰ বিভিন্ন উপায়, পৰামৰ্শদাতা আৰু সু-প্ৰশিক্ষিত সমাজকৰ্মীসকলক বিদ্যালয়ৰ সৈতে জড়িতকৰণ, তৃতীয়, পঞ্চম আৰু অষ্টম শ্ৰেণীলৈকে নিঅ’ছ তথা ৰাজ্যিক মুক্ত বিদ্যালয়ৰ জৰিয়তে মুক্ত শিক্ষাৰ ব্যৱস্থা, দশম আৰু দ্বাদশ পৰ্যায়ৰ সমান্তৰালকৈ মাধ্যমিক শিক্ষা কাৰ্যসূচী, বৃত্তিমূলক পাঠ্যক্ৰম, প্ৰাপ্তবয়স্কৰ সাক্ষৰতা আৰু জীৱন-সমৃদ্ধ কাৰ্যসূচীৰ দৰে কেতবোৰ প্ৰস্তাৱিত বিষয় এই নীতিত সন্নিৱিষ্ট কৰা হৈছে৷ ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ৰ অধীনত স্কুলীয়া শিশুৰ ভিতৰত প্ৰায় ২ কোটি পুনৰ মূল সূতিলৈ ঘুৰাই আনিব পৰা যাব৷

অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ শিক্ষক-শিক্ষয়িত্ৰী, শিক্ষাৰ্থী আৰু শিক্ষাবিদসকলে ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ক আদৰণি জনোৱাৰ লগতে ইয়াক ৰাজ্যৰ শিক্ষা খণ্ডৰ বাবে আশাৰ ৰেঙণি বুলি অভিহিত কৰিছে৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ জনসংযোগ আৰু সাংবাদিকতা বিভাগৰ মুৰব্বী ড০ অংকুৰণ দত্তই কয়, “এখন কল্যাণকামী দেশত শিক্ষা আৰু স্বাস্থ্যই সদায় অগ্ৰাধিকাৰ পোৱা উচিত আৰু নতুন শিক্ষা নীতি, ২০২০ত ভাৰতত মুঠ নামভৰ্তিৰ অনুপাত(জিইআৰ)বৰ্তমানৰ ২৬.৩%ৰ পৰা ৫০%লৈ বৃদ্ধিৰ লক্ষ্যই শিক্ষাৰ মান উন্নত কৰাৰ আশা জগাই তুলিছে৷ সমূদায়ক জড়িতকৰণৰ বৈশিষ্ট্যসম্পন্ন এই নীতিৰ জৰিয়তে বিশ্ববিদ্যালয়সমূহে শিক্ষণ আৰু গৱেষণাৰ মূল ক্ষেত্ৰসমূহৰ সৈতে জড়িত হোৱাৰ সূযোগ পাব৷ এই নীতিয়ে বহুতকে প্ৰস্থানৰ সূযোগ প্ৰদান কৰিব, যাৰ জৰিয়তে লাখ লাখ শিক্ষাৰ্থীয়ে তেওঁলোকৰ মূল্যবান সময় ৰাহি কৰাত সহায় কৰিব৷”

তেজপুৰ বিশ্ববিদ্যালয়ৰ বিজিনেছ এডমিনিষ্ট্ৰেচন বিভাগৰ অধ্যাপক সুভ্ৰাংশু শ্বেখৰ চৰকাৰে কয়, “ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০ত একাডেমিক বেংক অফ ক্ৰেডিটৰ এক পদপ্ৰদৰ্শনকাৰী ধাৰণা সন্নিৱিষ্ট কৰা হৈছে৷ ইয়াৰ জৰিয়তে অসংখ্য শিক্ষাৰ্থী উপকৃত হ’ব, যাৰ শিক্ষা বৰ্তাই ৰখাৰ বাবে মুলধনৰ অভাৱ৷ শিক্ষাৰ্থীসকলে প্ৰাক-স্নাতক পৰ্যায়ত জিৰণি লৈ পুনৰ নিৰ্দিষ্ট সময়ত পূৰ্বৰ পাঠ্যক্ৰমৰ জ্ঞান অৰ্জন কৰিব পাৰিব৷ তদুপৰি, প্ৰাক-স্নাতকৰ প্ৰতি বছৰতে বৃত্তিমূলক আৰু পেচাদাৰী ক্ষেত্ৰৰ এটা বিষয় বা ক্ষেত্ৰত উপযুক্ত প্ৰমাণ পত্ৰ, দুটা বছৰ অধ্যয়ণ কৰিলে ডিপ্লমা আৰু তিনি বছৰীয় পাঠ্যক্ৰম সম্পূৰ্ণ কৰিলে ডিগ্ৰী প্ৰদান কৰা হ’ব৷ ”

ক’ভিড-১৯ মহামাৰীৰ লকডাউনে শিক্ষা ব্যৱস্থাত অলনাইন শিক্ষা আৰু অনলাইন পৰীক্ষাৰ গুৰুত্ব বৃদ্ধি কৰিছে৷ নতুন শিক্ষা নীতিয়ে সেয়েহে সকলোৰে বাবে শিক্ষা সুনিশ্চিত কৰি জ্ঞান বৃদ্ধি সুনিৰ্দিষ্ট পথ দেখুৱাইছে৷

চিত্ৰৰ উৎসঃ ইণ্টাৰনেট

Previous Post

যোৰহাট সমষ্টি – এইবাৰ টিকট কাৰ?

Next Post

নগা শান্তি আলোচনাঃ এনএছচিএএন-আইএম আৰু কেন্দ্ৰৰ সৈতে আজি আলোচনা

Related Posts

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ
ৰাজনীতি

কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ-পূৱ ভাৰতত চলি থকা আঁচনিসমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকৰ

November 30, 2023
২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ
ৰাজনীতি

২৮ নৱেম্বৰৰ পৰা অসমত বিকশিত ভাৰত সংকল্প যাত্ৰাৰ নগৰীয়া অভিযান আৰম্ভ

November 29, 2023
সূৰজ গগৈ নাছিল ULFA! মুখ্যমন্ত্ৰীলৈ আলফাৰ বিশেষ আহ্বান
অসম

বাইহাটা চাৰিআলিত উৰিল আলফা (স্বাঃ)ৰ পতাকা

November 28, 2023
মন্ত্ৰী পীযুষ হাজৰিকা ক’ভিড পজিটিভ
অসম

টংলা বিধানসভা সমষ্টিৰ কালিঙদুৱাৰত বিজেপিৰ বিশাল জনসভাত সম্বোধন মন্ত্ৰী পীযুষ হাজৰীকাৰ

November 27, 2023
গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি
সংবাদ

গুৱাহাটীত ছাল লিফটিং আৰু ফৰ্মিংৰ এক নতুন প্ৰযুক্তি লিনিয়া মুকলি

November 24, 2023
আজি লাচিত দিৱস
সংবাদ

আজি লাচিত দিৱস

November 24, 2023
Next Post
muivah

নগা শান্তি আলোচনাঃ এনএছচিএএন-আইএম আৰু কেন্দ্ৰৰ সৈতে আজি আলোচনা

ranjit

ৰাজ্যত বিভিন্নজনক ভাৰতী জনতা পাৰ্টিৰ মুখপাত্ৰ হিচাপে দায়িত্ব প্ৰদান

plane

১৯০ জন যাত্ৰী কঢ়িয়াই অনা বিমান হ’ল দুটুকুৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে ৷

শাখাসমূহ

  • Exclusive
  • H8 Explainer
  • H8 Fact Check
  • News
  • others
  • Uncategorized
  • অসম
  • আন্তৰ্জাতিক
  • উত্তৰ পূৰ্বাঞ্চল
  • ক্ৰাইম
  • ক্ৰীড়া
  • খাদ্যাভাস
  • গুৱাহাটী
  • চাকৰি
  • জীৱনশৈলী
  • দৈনিক ৰাশিফল
  • নিউজ বুলেটিন
  • প্রবন্ধ
  • প্ৰযুক্তি
  • ফটো
  • ফেশ্বন
  • বিবিধ
  • ব্যৱসায়
  • ভিডিঅ’
  • মনোৰঞ্জন
  • ৰাজনীতি
  • ৰাষ্ট্ৰীয়
  • শিক্ষা
  • সংবাদ
  • সংস্কৃতি
  • সাহিত্য
  • স্বাস্থ্য

আমাৰ ঠিকনা

এছ কে হাজৰিকা কলেজ বিল্ডিং, দ্বিতীয় মহলা, শ্ৰী নগৰ
আৰ জি বৰুৱা ৰোড, গুৱাহাটী, অসম- ৭৮১০২৪

  • About Us
  • Leadership Team
  • Privacy Policy
  • Terms of Use
  • Contact Us
  • Grievance Redressal

© 2021 All Rights Reserved | Headline8

No Result
View All Result
  • মূল পৃষ্ঠা
  • খবৰ
    • গুৱাহাটী
    • অসম
    • উত্তৰ পূৰ্বাঞ্চল
    • ৰাষ্ট্ৰীয়
    • আন্তৰ্জাতিক
    • নিউজ বুলেটিন
  • ৰাজনীতি
  • মনোৰঞ্জন
  • জীৱনশৈলী
    • ফেশ্বন
    • খাদ্যাভাস
  • প্ৰযুক্তি
  • H8 Fact Check
  • H8 Explainer
  • H8 Podcast
  • অন্যান্য
    • ক্ৰীড়া
    • ফটো
    • সাক্ষাৎকাৰ

© 2021 All Rights Reserved | Headline8