নিউজ ডেস্কঃ ভুৱা পৰীক্ষাৰ্থীৰ সহায়েৰে জে.ই.ই. পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান দখল কৰা নীল নক্ষত্ৰ দাস আৰু আন অভি্যুক্তসকলৰ বিৰুদ্ধে ১ জানুৱাৰীত চাৰ্জশ্বীট দাখিল কৰে আৰক্ষীয়ে৷
জেইই পৰীক্ষা কাণ্ডত জড়িত মুল ৮ অভিযুক্তৰ বিৰুদ্ধে বছৰৰ প্ৰথম দিনটোতেই কামৰূপ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত দাখিল কৰে চাৰ্জশ্বীট ৷
অভিযুক্তসকল হৈছে ক্ৰমে নীল নক্ষত্ৰ দাস, পিতৃ ডাঃ জ্যোতিৰ্ময় দাস, পৰীক্ষা নিৰীক্ষক হিৰুকমল পাঠক, গ্ল’ৱেল এডুলাইটৰ স্বত্বাধিকাৰী ভাৰ্গৱ ডেকা, গ্ল’ৱেল এডুলাইটৰ কাউনন্সেলৰ কাকলি বুজৰবৰুৱা, ভুৱা পৰীক্ষাৰ্থী প্ৰদীপ কুমাৰ, টাটা কনচালটেঞ্চী চাৰ্ভিছৰ কৰ্মচাৰী হেমেন্দ্ৰ নাথ শৰ্মা আৰু প্ৰাঞ্জল কলিতা
উল্লেখ্য যে ৫ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল জে ই ই পৰীক্ষা ৷
নীল নক্ষত্ৰ দাসে লাভ কৰিছিল ৰাজ্যৰ ভিতৰতে শীৰ্ষ স্থান ।
কিন্তু ফলাফল ঘোষণাৰ পিছতে ২৩ অক্টোবৰৰ দিনা দিছপুৰ থানাত মিত্ৰদেৱ শৰ্মাই এক গোচৰ ৰুজু কৰিছিল।
গোচৰৰ ভিত্তিত, নীল নক্ষত্ৰ দাসৰ পৰিৱৰ্তে পৰীক্ষাত বহিছিল আন পৰীক্ষাৰ্থী ।
সেই গোচৰৰ ভিত্তিতেই আৰক্ষীৰ তদন্তত ফাদিল হৈছে এটাৰ পিছত আন এটা ৰহস্য।
উল্লেখ্য যে নীল নক্ষত্ৰ দাসৰ সলনি পৰীক্ষাত বহিছিল ভুৱা পৰীক্ষাৰ্থী প্ৰদীপ কুমাৰ ৷