নিউজ ডেস্কঃ বিশ্বনাথ চাৰিআলিত আৰক্ষীয়ে বাইক চোৰৰ বিৰুদ্ধে তীব্ৰ গতিত অভিযান চলাই ২৪ ঘণ্টাৰ ভিতৰতে ৫খনকৈ চুৰি বাইক উদ্ধাৰ কৰাৰ লগতে বাইক চুৰিৰ লগত জড়িত ৪ জন লোকক আটক কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে, এসপ্তাহ পূৰ্বে বিশ্বনাথ চাৰিআলিৰ ভিভান নামৰ প্ৰতিষ্ঠানখনৰ সন্মুখৰ পৰা চুৰি হৈছিল এখন টিভিএছ ফিয়েৰ’ মডেলৰ বাইক।
তাৰ পিছতে চিচি টিভিত বন্দী হোৱা চুৰি কাণ্ড পৰীক্ষা কৰি শুকুৰবাৰে বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে বিশ্বনাথ নগৰৰ পুলিচ পইন্টৰ পৰা জীতেন হাজৰিকা ওৰফে টিকলা নামৰ নৱপুৰৰ নিৱাসী বাইক চোৰজনক আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীৰ জেৰাত বাইক চোৰজনে আন কেইবাজনো সহযোগীৰ নাম স্বীকাৰ কৰে।
তাৰ পিছতে আৰক্ষীয়ে বিশ্বনাথৰ বৰগাং, ন-পমুৱা আৰু তিনিসূঁতি গাঁৱৰ পৰা চুৰি বাইক ক্ৰয় চক্ৰৰ সৈতে জড়িত তিনিজনক চুৰি বাইক সহ আটক কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে আটক কৰা লোক কেইজন ক্ৰমে- ইচাক খান, ৰঞ্জন বৰা আৰু যতীন বৰা বুলি জানিব পৰা গৈছে। ইতিমধ্যে বিশ্বনাথ আৰক্ষী থানাই বাইক চোৰ জিতেন হাজৰিকাসহ আটাইকেইজনকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।