মনত আছেনে বশিষ্ঠ চাৰিআলিত কৰ্তব্যৰত কনিষ্টবল মিথুন দাসৰ কথা।
হয় সেইজনে মিথুন দাস যিগৰাকী কনিষ্টবলে ২০১৯ বৰ্ষত এক প্ৰশংসনীয় পদক্ষেপেৰে ছচিয়েল মিডিয়াত তোলপাৰ লগাইছিল।
ট্ৰেফিক পইণ্টত ৰৈ বতাহ-বৰষুণক আওকাণ কৰি কৰ্তব্য সম্পাদন কৰিছিল কনিষ্টবলজনে।
মহানগৰীৰ বশিষ্ঠ চাৰিআলিত কৰ্তব্যৰত এই ট্ৰেফিক কনিষ্টবলজনৰ কৰ্তব্যনিষ্ঠা দেখি সকলোৱে তেওঁক ছেল্যুট দিছিল।
সেই ঘটনাটোৰে পৰা প্ৰতিগৰাকী নাগৰিকৰ মনত অসম আৰক্ষীলৈ বৃ্দ্ধি হৈছিল সন্মান।
পুনৰ অসম আৰক্ষীয়ে গ্ৰহণ কৰিলে এক প্ৰশংসনীয় পদক্ষেপ।
ৰাইজৰ সুবিধাৰ বাবে এগৰাকী যান-বাহন শাখাৰ আৰক্ষীয়ে পানীৰে পৰিষ্কাৰ কৰিলে ৰাজপথ। গুৱাহাটীৰ ছুপাৰ মাৰ্কেট পইণ্টৰ ৰাস্তাৰ ধূলি পানী মাৰি চাফা কৰি দিয়ে আৰক্ষীগৰাকীয়ে।
ৰাইজৰ হকে মহানুভৱতা দৰ্শোৱা এইগৰাকী আৰক্ষী দিছপুৰ যান-বাহন শাখাৰ অমিয় কলিতা। ইফালে কলিতাৰ কাৰ্যক প্ৰশংসা কৰি দিছপুৰৰ আৰক্ষী সঞ্চালকপ্ৰধানে অমিয় কলিতালৈ পুৰষ্কাৰ হিচাপে আগবঢ়ালে ৫ হাজাৰ টকা।
Photo: Headline8