নিউজ ডেস্কঃ অচিৰেই অসমৰ দৰিদ্ৰ শিক্ষাৰ্থীসকলক স্মাৰ্টফোন প্ৰদান কৰাৰ নিৰ্দেশনা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মঙলবাৰে জনতা ভৱনত ৰাজ্যৰ শিক্ষা বিভাগৰ লগত মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ বিদ্যালয়সমূহ খোলাৰ প্ৰসংগত এক বৈঠকত মিলিত হয়।
ক’ৰোনাৰ বাবে যোৱা ৭ মাহে বন্ধ হৈ থকা স্কুল কলেজসমূহৰ পাঠদানৰ সন্দৰ্ভত গুৰুত্ব পূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। শেহতীয়াকৈ ক’ৰোনাৰ বাবে ৰাজ্যৰ প্ৰায় সংখ্যক শিক্ষাৰ্থীয়ে অনলাইনযোগে পাঠদান কৰা পৰিলক্ষিত হৈছে। সেইবাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ দৰিদ্ৰ শিক্ষাৰ্থীসকলৰ বাবে এই ঘোষণা কৰে।