নিউজ ডেস্কঃ অসম সাহিত্য সভাই এটি নিজা ডিজিটেল আৰ্কাইভ গঠনৰ জৰিয়তে সভাই প্ৰকাশ কৰা তাৎপৰ্যপূৰ্ণ গ্ৰন্থসমূহ আৰু অসমৰ ভাষা, সাহিত্য, সংস্কৃতিৰ আপুৰুগীয়া গ্ৰন্থসমূহ ডিজিটাইজেচন কৰাৰ প্ৰকল্প কাৰ্যতঃ ৰূপায়িত কৰিবলৈ আজি সভাৰ গুৱাহাটী কাৰ্যালয়ত এমট্ৰনৰ সৈতে অসম সাহিত্য সভাই এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰিত হয়। সভাৰ কিছু সংখ্যক বিষয়ববীয়া, কেইগৰাকীও বিশিষ্ট নাগৰিক, এমট্ৰনৰ বিষয়াসকল আৰু সংবাদ মাধ্যমৰ প্ৰতিনিধিসকলৰ সৈতে সভাৰ সভাপতি ডঃ কুলধৰ শইকীয়া আৰু এমট্ৰনৰ পৰিচালন সঞ্চালক এম কে যাদবৰ উপস্থিতিত এই বুজা বুজিৰ চুক্তি স্বাক্ষৰিত হয়।উল্লেখযোগ্য যে অসম সাহিত্য সভা আৰু এমট্ৰনৰ এই যৌথ প্ৰকল্পৰ অধীনত ৰাজ্যখনৰ অত তত সিচঁৰতি হৈ থকা দুৰ্লভ হাতেলিখা গ্ৰন্থ, পত্ৰিকা, পাণ্ডুলিপি, আদি ডিজিটাইজেচন প্ৰক্ৰিয়াৰে সংৰক্ষণৰ ব্যৱস্থা কৰা হব। এই কামখিনি নিয়াৰিকৈ সম্পন্ন হবলৈ এমট্ৰনে যথোচিত আন্তঃগাঁথনিৰ ব্যৱস্থা কৰিব যাতে নিৰ্বাচিত গ্ৰন্থসমূহ পুনৰগঠন প্ৰক্ৰিয়াৰ জৰিয়তে সংৰক্ষণ সুনিশ্চিত কৰা হ’ব। লগতে ডিজিটাইজেচনৰ পিছত গ্ৰন্থসমূহ ইন্টাৰনেটৰ জৰিয়তে সহজে উপলব্ধ হোৱাৰ ব্যৱস্থা কৰা হ’ব।