নিউজ ডেস্কঃ অসম ৰাজ্যিক এন এছ উই আই ৰ উদ্যোগত আজি বিষ্ণু যজ্ঞ পাতি কৰা হয় প্ৰতিবাদ৷ যজ্ঞ কৰে এন এছ উই আই ৰ ৰাজ্যিক সভাপতি জ্যোতিবিকাশ চাংমায়ে৷
অপশক্তি স্বৰূপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শাহ, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ,কেবিনেট মন্ত্ৰী স্মৃতি ইৰাণী,অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কৃষি মন্ত্ৰী অতুল বৰা, যোগান মন্ত্ৰী ফণী ভূষণ চৌধুৰীক ৰাৱণ সাজি এই যজ্ঞ কৰা হয়৷
ক’ৰোনা কালত ৰাহুল গান্ধীক ভগবান বিষ্ণুৰ ৰূপ বুলি আখ্যা দি সভাপতি গৰাকীয়ে কয় যে দেশক এতিয়া এইসকল ৰাৱণৰ পৰা উদ্ধাৰ কৰিব পাৰিব বিষ্ণুৰূপী অৱতাৰ ধাৰণ কৰা ৰাহুল গান্ধীয়ে। অনুষ্ঠানটোত চিএএ
আৰু কৃষি আইন বাতিল কৰাৰ দাবী জনোৱা হয় আৰু নাৰীক সুৰক্ষা প্ৰদান আৰু দেশৰ নিবনুৱা সমস্যা সমাধানৰ দাবী জনোৱা হয়৷