নিউজ ডেস্কঃ ক’ৰোনা মহামাৰী আৰু লকডাউনৰ বাবে মাৰ্চৰ পৰা বন্ধ হৈ থকা ‘অসম ৰাজ্যিক চিৰিয়াখানা’ আজিৰে পৰা দর্শনাৰ্থীৰ বাবে মুকলি কৰা হয় ৷ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰে ৰাজ্যিক চিৰিয়াখানা ৷ উল্লেখ্য, পহিলা জানুৱাৰীত দর্শনাৰ্থীৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি নতুন নিয়ম বান্ধি দিছে চিৰিয়াখানা কৰ্তৃপক্ষই৷ এদিনত মাত্ৰ ১০০০ দর্শনাৰ্থীকহে প্ৰৱেশৰ অনুমতি প্ৰদান কৰিছে চিৰিয়াখানাত৷ টিকেটৰ মূল্য পূৰ্বৰ ৩০টকাই ঠিক কৰা হৈছে যদিও ক’ভিডৰ বাবে অফলাইনযোগে টিকট লাভ কৰিব নোৱাৰিব ৷ কেৱল অনলাইনতহে উপলব্ধ হ’ব প্ৰৱেশৰ টিকেট ৷ www.assamstatezoo.inত উপলব্ধ হ’ব টিকেট ৷ উল্লেখযোগ্য যে লকডাউনৰ মাজতে চিৰিয়াখানালৈ কেইবাটিও নতুন জীৱ-জন্তু আহিল৷ যে মাকাও, কেংগেৰুকে ধৰি চিৰিয়াখানাত নতুন জীৱকুলৰ সংযোজন কৰা হৈছে চিৰিয়াখানাত ৷
বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই চিৰিয়াখানা মুকলি অনুষ্ঠানৰ মাজতে চিৰিয়াখানাক ব্যক্তিগতকৰণ নহয় বুলি মত প্ৰকাশ কৰে ৷ লগতে দীপৰ বিলৰ সংৰক্ষণ, সংবৰ্ধনৰ ব্যৱস্থাও গ্ৰহণ কৰি পৰ্যটকৰ আকৰ্ষণীয় ৰূপত সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে ৷ দীপৰ বিললৈ নামি অহা হাতীৰ সুৰক্ষাৰো ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে শুক্লবৈদ্যই৷